কেৱল তোমাৰ বাবেই
কেৱল তোমাৰ বাবেই =============== ✍ছফিকুল ইছলাম ৷ কেৱল তোমাৰ বাবেই কবিতা লিখিছোঁ , লিখিছোঁ কিমান যে গান ; কেৱল তোমাৰ বাবেই আজি মই নিজকে কৰি দিছোঁ নিষ্প্ৰাণ !! কেৱল তোমাৰ বাবেই মোৰ জীৱনৰ সুৰ,তাল,ছন্দ বিলিন হৈ গ’ল কালৰ সোঁতত ; কেৱল তোমাৰ বাবেই সপোন ৰচিছোঁ জীৱনৰ প্ৰতিটো ক্ষণত ৷৷ কেৱল তোমাৰ বাবেই ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই , প্ৰেমৰ কবিতা লিখোঁ ; কেৱল তোমাৰ বাবেই আজি মই অকলশৰীয়া হৈ বিৰহৰ ছবি আকোঁ ৷ কেৱল তোমাৰ বাবেই জীয়াই আছোঁ যুগ যুগ ধৰি শূন্য হৃদয় লৈ ; পূৰ্ণ কৰিবা শূন্য হৃদয়খন মোৰ জীৱনলৈ আহি জীয়াই থকাৰ বাসনা হৈ !!