জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে কিছু কথা
ভাৰতৰ ইতিহাসত আটাইতকৈ কুখ্যাত গণহত্যা , জালিয়ানৱালাবাগৰ হত্যাকাণ্ড -ঃ
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰৰ হত্যাকাণ্ড ভাৰতৰ ইতিহাসত এটি অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে অবিভক্ত ভাৰতৰ পাঞ্জাব প্রদেশৰ অমৃতসৰ চহৰত ব্ৰিটিছ সেনানায়ক ব্রিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নির্দেশত সংঘটিত হৈছিল এই কুখ্যাত হত্যাকাণ্ড ৷
ভাৰত উপমহাদেশ তেতিয়াও ব্ৰিটিছ শাসনৰ অধীনত আছিল ।
১৯১৯ চনৰ ১৩ এপ্রিল , দেওবাৰ । সেই দিনটো আছিল শিখ ধৰ্মাৱলম্বী লোকসকলৰ নববর্ষ উৎসৱ। স্বর্ণমন্দিৰসংলগ্ন জালিয়ানৱালাবাগৰ বিশেষ প্রার্থনাসভাত উপস্থিত হৈছিল অমৃতসৰৰ বিভিন্ন ধৰ্মৰ অতি কমেও ২০ হাজাৰ মানুহ ৷
অমৃতসৰ চহৰৰ বিভিন্ন প্ৰান্তত তেতিয়া ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ৰাওলাট আইনৰ বিৰুদ্ধে আন্দোলন চলি আছিল । আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ ব্রিটিছ চৰকাৰে জাৰী কৰিছিল ১৪৪ ধাৰা । সেই ধাৰা ভঙ্গ কৰি নববর্ষ উৎসৱ পালনৰ উদ্দেশ্যে সকলোৱে জালিয়ানৱালাবাগৰ খেলপথাৰত সমবেত হৈছিল । চৌদিশ দেৱালেৰে আৱদ্ধ খেলপথাৰখনৰ প্ৰৱেশৰ বাবে এটি মাত্ৰ সৰু প্ৰৱেশদ্বাৰ আছিল যদিও তেনেই সৰু ৷
সেই খবৰ শুনি ব্রিটিছ ব্রিগেডিয়াৰ জেনেৰেল ডায়াৰে ৫০ জন বন্দুকধাৰী সেনা লৈ উপস্থিত হৈছিল জালিয়ানৱালাবাগৰ সেই প্রার্থনাসভাত । খেলপথাৰখনৰ একমাত্ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি নিৰীহ ও নীৰস্ত্ৰ জনতাৰ ওপৰত গুলিবর্ষণৰ নির্দেশ দিয়ে নিষ্ঠুৰ ডায়াৰে । খেলপথাৰখনৰ নিচেই কাষতে আছিল এটি সৰু কুঁৱা ৷ গুলিবর্ষণৰ ঘটনাযত স্তম্ভিত হৈ গৈছিল উপস্থিত লোকসকল । গুলিৰ আঘাতত চটফটাই লোকসকলে আৱদ্ধ খেলপথাৰৰ মাজতে ইফাল-সিফাল দৌৰি প্ৰাণৰক্ষাৰ চেষ্টাত কাষতে থকা কুঁৱাত জাঁপ মাৰি আত্মৰক্ষাৰ চেষ্টা চলায় তিনিশতকৈও অধিক নাৰী-পুৰুষ আৰু শিশু । একাধাৰে ১০ মিনিট জোৰা চলা গুলীবৰ্ষণৰ অন্তত প্ৰাণবায়ু উৰি গৈছিল পুৰুষ , মহিলা আৰু শিশু সহ প্ৰায় ডেৰ হাজাৰ নীৰিহ মানুহৰ । এইখিনিতে ক্ষান্ত নাথাকি প্ৰাণৰক্ষাৰ চেষ্টাৰে কুঁৱাত জাঁপ দিয়া লোকসকলক ডাঙৰ শিলগুটি নিক্ষেপ কৰি কুঁৱাৰ মাজতে জীৱন্তে হত্যা কৰিছিল ডায়াৰৰ সেনাবাহিনীয়ে ৷
ভাৰতৰ ইতিহাস কঁপাই যোৱা সেই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ আজি এশ বছৰ পূৰ্ণ হৈছে ৷ আজিৰ এই মূহুৰ্তত জালিয়ানৱালাবাগত শ্বহীদ হোৱা প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ ৷
ধন্যবাদেৰে ,
Voice of India and Assam

Comments
Post a Comment