কেৱল তোমাৰ বাবেই

কেৱল তোমাৰ বাবেই
===============
✍ছফিকুল ইছলাম ৷

কেৱল তোমাৰ বাবেই
    কবিতা লিখিছোঁ ,
        লিখিছোঁ কিমান যে গান ;
কেৱল তোমাৰ বাবেই
    আজি  মই নিজকে
         কৰি দিছোঁ নিষ্প্ৰাণ !!

কেৱল তোমাৰ বাবেই
    মোৰ জীৱনৰ সুৰ,তাল,ছন্দ
        বিলিন হৈ গ’ল কালৰ সোঁতত ;
কেৱল তোমাৰ বাবেই
    সপোন ৰচিছোঁ
        জীৱনৰ প্ৰতিটো ক্ষণত ৷৷

কেৱল তোমাৰ বাবেই
     ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই ,
         প্ৰেমৰ কবিতা লিখোঁ ;
কেৱল তোমাৰ বাবেই
     আজি মই অকলশৰীয়া হৈ
          বিৰহৰ ছবি আকোঁ ৷

কেৱল তোমাৰ বাবেই
     জীয়াই আছোঁ যুগ যুগ ধৰি
         শূন্য হৃদয় লৈ ;
পূৰ্ণ কৰিবা শূন্য হৃদয়খন
     মোৰ জীৱনলৈ আহি
         জীয়াই থকাৰ বাসনা হৈ !!

Comments

Popular posts from this blog

জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে কিছু কথা

ইতিহাসে_পাহৰিলে_নেকি? ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক।

সাপ দেখিলে কি কৰিব , কি নকৰিব ৷