সাপ দেখিলে কি কৰিব , কি নকৰিব ৷

সাপ দেখিলে কি কৰিব, কি নকৰিবঃ

১/ সাপটোক আমনি নকৰিব, মানুহৰ উমান পালে সি নিজে আঁতৰি যাব।
২/ সাপ দেখাৰ লগে লগে পৰিৱেশটো উত্তাল কৰি নিদিব। লাহে লাহে পিছুৱাই আহক।
৩/ সাপটো যি ফালেদি ওলাই যোৱাৰ সম্ভাৱনা থাকে, সেই পথ বন্ধ নকৰিব।
৪/ সাপে মানুহক দংশন কৰিবলৈ ঘৰৰ ভিতৰলৈ নাহে। খাদ্য বস্তুৰ সন্ধানত বা খাদ্য বস্তুৰ পাছে পাছে আহি সাপ ঘৰ সোমায়। ঘৰৰ ভিতৰত সাপ সোমালে, যদি ওলাই যোৱাৰ পথ সি বিচাৰি নাপাই তেন্তে দুৱাৰ-খিৰিকী খুলি দি তাক ওলাই যোৱাত সহায় কৰক।
৫/ সাপৰ বিষয়ে পূৰ্ণ জ্ঞান আৰু অভিজ্ঞতাৰ অবিহনে সাপ ধৰিবলৈ নাযাব। বিভাগীয় অনুমতি থকা সুদক্ষ ব্যক্তিৰ সহায় লওক।
৬/ ফেনাইল জাতীয় বিষাক্ত দ্ৰৱ্য তাৰ গালৈ ছটিয়াই নিদিব, এনে কৰিলে সাপটোৰ খং উঠি আপোনাক আক্ৰমণ কৰিব পাৰে।
৭/ যোৰপতা সাপ দেখিলে গাত গামোচা দলিয়াবলৈ নাযাব, আপোনাৰ বাবেই যদি কামাতুৰ সাপ দুটাই কামনা চৰিতাৰ্থ কৰিবলৈ নাপাই তেন্তে আপোনাক যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে।
৮/ হঠাতে দেখা সাপক ভয় নুখৱাব, আপোনাৰ ক্ষিপ্ৰ প্ৰতিক্ৰিয়াই আত্মৰক্ষাৰ স্বাৰ্থত সাপটোক খঙাল কৰি তুলিব পাৰে।
৯/ ঘৰৰ পিৰালিত যাতে হাবি-বন নগজে তাৰ প্ৰতি সততে লক্ষ্য ৰাখক। ভাল ফুল ফুলে বুলিয়েই ফুলেৰে ঘৰখন হাবি সদৃশ কৰি নুতুলিব। জাবৰ-জোথৰৰ দ'ম ঘৰৰ ওচৰত নোগোটাব।
১০/ আছুতীয়াকৈ থকা ঘৰ বা অন্যান্য ঠাইলৈ যাওঁতে সাৱধানে যাব। কিয়নো মানুহ নথকাৰ সুযোগতে এনে ঠাইত সাপে বাঁহ সাজে।

শেষতঃ

অকল বিজ্ঞানেই মানুহক প্ৰগতি আনি দিব নোৱাৰে। প্ৰকৃতিক বাদ দি এখন সুন্দৰ পৃথিৱীৰ কল্পনা অনুভৱৰ মাধ্যমেৰেও কৰা টান। চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে যদিও সেই আইনে কেতিয়াও আপোনাৰ চোতালৰ কাষতে ওলোৱা দুষ্প্ৰাপ্য চকৰি ফেটী সাপটোক সুৰক্ষা দিব নোৱাৰে। তাক সুৰক্ষা দিব লাগিব আপুনি। আপোনাৰ এনে ধৰণৰ সজাগতাৰ বাবেই ভৱিষ্যতৰ প্ৰতিটো প্ৰজন্ম আপোনাৰ ওচৰত ঋণী হৈ থাকিব।

Comments

Popular posts from this blog

তুমি আহিবা বুলি

বিষাদৰ মাজত আনন্দৰ চকুলো

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে