৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে
৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে ৷
ৰাণী কাশ্মীৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত নাও ডুবি নৈত উটি গৈছিল কলকাতাৰ ৭ গৰাকী পৰ্যটক। এই ঘটনা প্ৰত্যক্ষ কৰি পৰ্যটককেইজনক উদ্ধাৰ কৰিবলৈ নিজৰ জীৱনক ত্যাগ দি নৈত জাঁপ দিলে এজন যুৱকে। আটাইকেইজন পৰ্যটকক উদ্ধাৰ কৰাৰ পিছত যুৱকজন নিজেই উটি গ’ল পানীৰ কোবাল সোঁতত। লিড্ডৰ নৈত সংঘটিত হয় এই কৰুণ ঘটনা। মৃত যুৱকজনৰ নাম ৰৌফ আহমেদ। টুৰিষ্ট গাইড হিচাপে কাম কৰা ৰৌফ আহমেদক চৰকাৰে মৰনোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰৌফ আহমেদৰ আত্মাৰ সদগতি কামনা কৰিছোঁ ৷
Comments
Post a Comment