তুমি আহিবা বুলি

      তুমি আহিবা বুলি

ছফিকুল ইছলাম

তুমি আহিবা বুলি
নিয়ৰৰ স্নিগ্ধ কণিকাবোৰ
টোপাটোপে
সৰি পৰিছিল গছৰ পাতৰ পৰা
মুকুতা মণিটি হৈ.......

চম্পা, শেৱালি, গোলাপ, তগৰ  ফুলে
হৃদয়ৰ এচুকত  প্ৰেমৰ দলিচা পাতিছিল,
পুৱাৰ চৰাইজাকে ন সুৰুযৰ পৰশ পাই
সুৱলা গীত জুৰিছিল,
শীতল বতাহেও বৰষুণৰ টোপালৰ সৈতে
প্ৰেমৰ কথা পাতিছিল………

তুমি আহিবা বুলি
যুগ যুগ ধৰি মই বহি আছিলোঁ নদীৰ পাৰত,
সোনাই নৈৰ কুলুকুলু শব্দই
কত যে সপোন কঢ়িয়াইছিল,
নৈৰ পানীয়েও ঢৌৰ চেঁৱে চেঁৱে
তোমাৰ ছবি আঁকিছিল………

কিন্তু কিয় ?
কিয় ইমান নিষ্ঠুৰ
তুমি প্ৰিয়া ?

যুগৰ পিছত যুগ ধৰি
দিন গ’ল ৰাতি পুৱাল,
হৃদয়ৰ  ৰঙীন আশাবোৰ হিয়াতে মৰহি গ’ল
কিন্তু তুমি নাহিলা !

তোমাৰ বাবে আজি মই হতভাগা সমাজৰ কলংকিনী ,
নিঃসঙ্গ জীৱন লৈ
আজিও মই বহি আছোঁ
যুগ যুগ ধৰি
তুমি আহিবা বুলি......

Comments

Post a Comment

Popular posts from this blog

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে

সাপ দেখিলে কি কৰিব , কি নকৰিব ৷

শ্বহীদ জোৱানৰ শেষ চিঠি