তুমি বিহীন মই
তুমি বিহীন মই
✍ ছফিকুল ইছলাম
জীৱনৰ অচিন বাটেৰে
বুকু ভৰা বেদনা আৰু হৃদয় পোৰা যন্ত্ৰণা লৈ
আৰু কিমান দূৰলৈ যাম সখী ?
তোমাক বিচাৰি আজি অটব্য হাবিৰ
প্ৰতিটো চুকে-কোণে ঘূৰি ফুৰিছোঁ ,
তোমাক পোৱাৰ আশাৰে
জীৱনৰ প্ৰতিটো পদে পদে মৃত্যু গচকি ,
শত্ৰুৰ সতে দিনৰ পিছত দিন ধৰি যুদ্ধ কৰিছোঁ ,
আৰু কিমান যন্ত্ৰণা সহিম সখী ?
মায়াবী চকুৰে এবাৰ পিছলৈ ঘূৰি চোৱা ৷
তোমাৰ অবৰ্তমানত
চৌদিশে কেৱল দুৰ্ভিক্ষ আৰু অমানিশা ,
অন্ধকাৰ হৃদয়ত আলো বিচাৰি
কিমান যে ঘূৰি ফুৰিছোঁ ,
অভিমানী চন্দ্ৰ আৰু তৰাবোৰ
মেঘৰ লগত লুকাভাকু খেলিছে ,
তোমাৰ অবিহনে দীৰ্ঘকায়ী নিষ্ঠুৰ ৰাতিবোৰ
কিয় জানো নুপুৱায় ,
হৃদয় কাননৰ সুগন্ধি ফুলবোৰ ফুটিবলৈ লাজ পায় ৷
তথাপিও মই চলাই গৈছোঁ মোৰ অবিৰত যাত্ৰা
কেৱল তোমাক বিচাৰি ,
আৰু কিমান অভিমান কৰিবা সখী ?
মায়াবী চকুৰে এবাৰ পিছলৈ ঘূৰি চোৱা ৷
তোমাক বিচাৰি আজি
ক্ষতবিক্ষত দেহৰ বিষাদময় হৃদয় লৈ ,
গোটেই জগত ঘূৰি ফুৰিছোঁ ,
কেতিয়াবা প্ৰশান্ত মহাসাগৰত
কেতিয়াবা সোণাই নৈৰ পাৰত ,
সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ
নিসংগ জীৱন লৈ
আৰু কিমান দূৰলৈ যাম সখী ?
মায়াবী চকুৰে এবাৰ পিছলৈ ঘূৰি চোৱা ৷৷
Comments
Post a Comment