বাপুজী আকৌ এবাৰ আহা তুমি

বাপুজী আকৌ এবাৰ আহা তুমি

===================
ছফিকুল ইছলাম

হিংসাৰে জৰ্জৰিত আমাৰ মাতৃভূমিলৈ
শান্তি আৰু অহিংসাৰ পূজাৰী হৈ
বাপুজী আকৌ এবাৰ আহা তুমি
আমাৰ মাজলৈ ৷
তোমাৰ সপোনৰ ৰামৰাজ্যত
চাৰিওফালৰ পৰা ছানি ধৰিছে ক’লা মেঘে ,
হিংসা আৰু কলুষতাই আৱৰি ধৰা
দানৱীয় সমাজত
নিস্পেষিত জনতাৰ ত্ৰাণকৰ্তা হৈ
বাপুজী আকৌ এবাৰ আহা তুমি
আমাৰ মাজলৈ ৷৷

তোমাৰ আদৰ্শক আকোঁৱালি
সফলতাৰ বাটেৰে আজি
উচ্চ শিখৰলৈ যায় জগত বাসী ,
কিন্তু……
অসুৰীয় শক্তিয়ে গ্ৰাহ কৰা
তোমাৰ সপোনৰ ৰামৰাজ্যত
আজিও আমি একো একোজন নিৰ্বোধ ,
য’ত পাবলৈ নাই এজনো মানুহ ,
বৈষম্যতা আৰু অসমতাই বিৰাজ কৰা
অন্ধকাৰ সমাজ চাফা কৰিবলৈ ,
দেৱদূত হৈ
বাপুজি আকৌ এবাৰ আহা তুমি
আমাৰ মাজলৈ ৷৷

তোমাৰ আদৰ্শ আৰু বাণী বিলাবলৈ
আগুৱাইছে আজি অজস্ৰ সৈনিক
আমি একো একোজন
অজেয় জোৱান ,
বুকুত অদম্য সাহস আৰু শক্তি লৈ
পিশাচীয় শক্তিৰ পৰা জয় জিনি
এক জাতি গঢ়িবলৈ
আমি আগুৱাইছোঁ
মানুহৰ জয়গান গাবলৈ ৷
বাপুজী আকৌ এবাৰ আহা তুমি
আমাৰ মাজলৈ ৷৷

Comments

Popular posts from this blog

তুমি আহিবা বুলি

বিষাদৰ মাজত আনন্দৰ চকুলো

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে