মই ভালপোৱা পখিলাজনী

মই ভালপোৱা পখিলাজনী
==================
✍ছফিকুল ইছলাম

শৰতৰ জোনাক নিশা
হৃদয় কাননৰ সেই ফুলপাহে
বতাহৰ চেঁৱে চেঁৱে ,
চৌদিশ আমোলমোৱাইছিল
নিজৰ সুবাসেৰে ৷

ফুলৰ ৰাগিত মজি
দৌৰি গৈছিলোঁ মই
সেই ফুলনিলৈ ,
ফুলপাহত আছিল বহি
আটক ধুনীয়া পখিলাজনী
সৰগৰ ৰাণী হৈ !
সুৰভি চটিয়াইছিল চৌপাশে
আনন্দ মনেৰে ৷

পখিলা নহয়
যেন এটি সোণবৰণীয়া তৰাই
প্ৰেমৰ কথা পাতি আছিল জোনাকৰ সৈতে ,
হাঁহি আছিল আনন্দত
ফুলনিৰ ফুলবোৰে ৷

জাকজমকীয়া সৌন্দৰ্য্যৰ ৰাগিত মজি ,
আগুৱাই গৈছিলোঁ মই তাইক ধৰিবলৈ ,
মায়াবী দৃষ্টিৰে লাজুকী হাঁহিৰে
প্ৰেমৰ হাত আগবঢ়াইছিল মোলৈ ,
নাচি উঠিছিলোঁ মই
আনন্দত আপোন পাহৰা হৈ ।
কিন্তু হঠাৎ………
এজাক দক্ষিণা বতাহ আহিল
উৰুৱাই লৈ গ’ল তাইক
অচিন দেশলৈ ৷

আহঃ কি বিষম !

আজিও তাইক বিচাৰি ফুৰিছোঁ মই
ধৰণীৰ ইমূৰৰ পৰা সিমূৰলৈ ,
কিয়নো………
তাইক পোৱাৰ তীব্ৰ বাসনাই মোক ,
যুগযুগ ধৰি
জীয়াই থাকিবলৈ অসীম প্ৰেৰণা যোগায় ৷

Comments

Popular posts from this blog

জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে কিছু কথা

ইতিহাসে_পাহৰিলে_নেকি? ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক।

সাপ দেখিলে কি কৰিব , কি নকৰিব ৷