বিশেষভাৱে সক্ষম জুবায়েৰৰ অসাধাৰণ প্ৰতিভা
শাৰীৰিক বাধাগ্ৰস্ততাই সফলতাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিব নোৱাৰে সেই কথাটো বাৰে বাৰে প্ৰমাণিত হৈ আহিছে ৷ এই কথাক আকৌ এবাৰ প্ৰমাণ কৰিলে দৰিদ্ৰ পৰিয়ালৰ জুবাইৰ আহমেদে ৷ গোৱালপাৰা জিলাৰ মাৰকুলা গাঁও পঞ্চায়তৰ অন্তগৰ্ত বাতাবাৰি গাঁৱৰ জুবাইৰে মুখেৰে কোনো মাতবোল কৰিব নোৱাৰাৰ লগতে কাণেৰেও নুশুনে ৷ কিন্তু তেওঁৰ হাতত প্ৰাণ পাই উঠে একো একোখন আলোকচিত্ৰই ৷ কোনো ধৰণৰ ৰং তুলিকা বিহীন কলমেৰে এনেদৰে ছবি আঁকি নিজৰ প্ৰতিভা দাঙি ধৰিছে এই যুৱকজনে ৷ যিকোনো মানুহক এবাৰ দেখিলেই তেওঁৰ হুবহু প্ৰতিচ্ছবি অংকন কৰি দিব পাৰে তেওঁ ৷ তেওঁ আজিলৈকে কোনোধৰণৰ প্ৰশিক্ষণ লোৱা নাই । ৰং-তুলিকা তেওঁৰ নাই , আছে মাত্ৰ এটি কলম ৷ এগৰাকী চিত্ৰ শিল্পী হ’ব পৰা গুণৰ অধিকাৰী দৰিদ্র পৰিয়ালৰ প্ৰতিভাৱান যুৱকজনে কাৰোবাৰ সহায় পালে আৰু অধিক উদ্যমেৰে আগুৱাই যাব পাৰিব বুলি আশা কৰিব পাৰি ৷