মহাপুৰুষৰ ১৫৯ টা অমৃত বাণী

বিদ্যালয়ত কৰ্মৰত সতীৰ্থ শিক্ষক বন্ধুৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰো প্ৰয়োজন হ'ব পাৰে...

#১৫৯_টা_মহৎ_লোকৰ_অমৰ_বাণী...

১. চুৰ কৰা মহাপাপ । - বুদ্ধদেৱ।

২. সত্যৰ সদায় জয় । - মহাত্মা গান্ধী।

৩. অহিংসা পৰম ধৰ্ম । - মহাত্মা গান্ধী।

৪. সময়েই ধন ৷ - বেঞ্জামিন ফ্ৰেঙ্কলিন।

৫. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ - লজ।

৬. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। - মাইলচ।

৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ। - চক্রেটিজ।

৮. উপদেশতকৈ আৰ্হি ভাল । - হজৰত মহম্মদ।

৯. ভূল জনাতকৈ নজনাই ভাল । - শ্বেক্সপীয়েৰ।

১০. শিক্ষা হৈছে সঞ্জীৱনী অমৃত । - জাকিৰ হুচেইন।

১১. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । - যীশুখৃীষ্ট।

১২. দেশতকৈ মোমাই ডাঙৰ নহয়। - লাচিত বৰফুকন।

১৩. নেতাৰ ভুলত দেশ ধ্বংস হয় । - ইন্দিৰা গান্ধী।

১৪. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ।

১৫. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । - ৰুছো।

১৬. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । - আব্ৰাহাম লিংকন।

১৭. যি মূলা বাঢ়ে তাৰ দুপাততে চিন । - ডঃ বানীকান্ত কাকতি।

১৮. সুখ কাৰো চিৰকলীয়া নহয় । - কমলাকান্ত ভট্টাচাৰ্য্য।

১৯. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । - ভল্টেয়াৰ।

২০. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । - যীশুখৃীষ্ট।

২১. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । - ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।

২২. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । - মহাত্মা গান্ধী।

২৩. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । - মহাত্মা গান্ধী।

২৪. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । - হজৰত মহম্মদ।

২৫. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। - লক্ষ্মীনাথ বেজবৰুৱা।

২৬. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । - সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।

২৭. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । - হজৰত মহম্মদ।

২৮. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । - সৰ্বপল্লী ৰাধাকৃষ্ণণ।

২৯. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । - মহাত্মা গান্ধী।

৩০. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । - বুদ্ধদেৱ।

৩১. শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব । - সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।

৩২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । - মহাবীৰ।

৩৩. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । - বুদ্ধদেৱ।

৩৪. সুন্দৰৰ আৰাধনা জীৱনৰ খেল । - চন্দ্ৰ কুমাৰ আগৰৱালা।

৩৫. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । - ফ্ৰেংকলিন।

৩৬. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । - মহাত্মা গান্ধী।

৩৭. আনক কোৱাতকৈ নিজে কৰাটো ভাল । - ব্ৰাউন্ড ৰাছেল।

৩৮. আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম। - স্বামী বিবেকানন্দ।

৩৯. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। - আনন্দ চন্দ্র আগৰৱালা।

৪০. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। - কমলা কান্ত ভট্টাচার্য্য।

৪১. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ - মেথিউ।

৪২. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। - বাইৰণ।

৪৩. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। - বাইৰণ।

৪৪. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ - এমাৰছন।

৪৫. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। - চেইন্ট টেৰেজা।

৪৬. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ - বেইলী।

৪৭. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । - প্লেটো।

৪৮. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । - নেপলিয়ন।

৪৯. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । - হজৰত মহম্মদ।

৫০. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । - শংকৰদেৱ।

৫১. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । - হোমাৰ।

৫২. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । - মহাত্মা গান্ধী।

৫৩. শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে । - চক্ৰেটিছ।

৫৪. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী । - ডঃ বানীকান্ত কাকতি।

৫৫. জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য । - নীলমণি ফুকন।

৫৬. পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে । - জৱাহৰলাল নেহৰু।

৫৭. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । - হেম বৰুৱা।

৫৮. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে । - ভল্টেয়াৰ।

৫৯. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। - চক্ৰেটিছ।

৬০. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । - মহাত্মা গান্ধী।

৬১. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে । - এ. পি. জে. আব্দুল কালাম।

৬২. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই । - উইলিয়াম জেমছ।

৬৩. পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা । - ৰামকৃষ্ণ পৰমহংস।

৬৪. মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ । - গুৰুনানক।

৬৫. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । - নেপোলিয়ন।

৬৬. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । - শ্বেক্সপীয়েৰ।

৬৭. নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা । - স্বামী বিবেকানন্দ।

৬৮. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । - বুদ্ধদেৱ।

৬৯. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। - বাইবেল।

৭০. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। - মহাত্মা গান্ধী।

৭১. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। - ছিডনি স্মিথ।

৭২. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ - বেঞ্জামিন ফ্ৰেংকলিন।

৭৩. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে - জৱাহৰলাল নেহৰু।

৭৪. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ - পাৰলেচ।

৭৫. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ - বুদ্ধদেৱ।

৭৬. ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা ৷ - প্লেটো।

৭৭. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। -বাইবেল।

৭৮. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। - মহাত্মা গান্ধী।

৭৯. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। - ছিডনি স্মিথ।

৮০. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷ - মাৰ্গাৰেট বুনেন।

৮১. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা ৷ - জুলিয়েট বেষ্টিয়েনা।

৮২. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ - মাদাৰ টেৰেছা।

৮৩. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ - কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৮৪. তুমি য’লৈকে নোযোৱা কিয় বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম ৷ - মাদাৰ টেৰেছা।

৮৫. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ - ৰবীন্দ্ৰনাথ ঠাকুৰ।

৮৬. প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ ৷ - উইলিয়াম শ্বেইক্সপীয়েৰ।

৮৭. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ - নেতাজী সুভাষ চন্দ্ৰ বসু।

৮৮. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ - বেঞ্জামিন ফ্ৰেংকলিন।

৮৯. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । - হেম বৰুৱা।

৯০. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। - যতীন্দ্র নাথ দুৱৰা।

৯১. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । - মহাত্মা গান্ধী।

৯২. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । - ৰাজা ৰামমোহন ৰায়।

৯৩. লোকৰ দোষ ধাৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম"। - মহাত্মা গান্ধী।

৯৪. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ - মণ্টেইন।

৯৫. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে , জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন ৷ - বাৰ্ট্ৰাণ্ড ৰাছেল।

৯৬. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷ - জেমছ এলেন।

৯৭. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। - যতীন্দ্র নাথ দুৱৰা।

৯৮. নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে - থমাছ কাৰ্লাইল।

৯৯. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । - সত্যনাথ বৰা।

১০০. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা ৷ - হজৰত মহম্মদ।

১০১. আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম ৷ - মাৰ্টিন লুথাৰ কিং।

১০২. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ - পিয়েৰ টেলহাৰ্ড।

১০৩. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ - এৰিষ্ট'টল।

১০৪. জীৱনটো এক মহৎ উপহাৰ ৷ যিসকলে জযৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত ৷ - ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ।

১০৫. ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে ৷ - জন ষ্টুৱাৰ্ট মিল।

১০৬. সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে ৷ - মহাত্মা গান্ধী।

১০৭. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয় ৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী ৷ - লেনিন।

১০৮. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ - মেকিয়াভেলে।

১০৯. মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ - ৰজিটাৰ ৰেমণ্ড।

১১০. সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে ৷ সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱাই ৷ - টমাচ আলভা এডিচন।

১১১. কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি ৷ - এইছ জি ৱেইলছ।

১১২. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা ৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায় ৷ - আৰবীয় প্ৰবাদ।

১১৩. সৰু বুলি কাকো অৱহেলা নকৰিবা ৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে ৷ - গ্যেটে।

১১৪. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা ৷ - আব্ৰাহাম লিংকন।

১১৫. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে ৷ - উইলিয়াম শ্বেইক্সপীয়েৰ।

১১৬. আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য ৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস ৷ - এলবাৰ্ট আইনষ্টাইন।

১১৭. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ - ওমাৰ্চন।

১১৮. এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? - এমাৰ্চন।

১১৯. মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ - কবি জন মিল্টন।

১২০. খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব ৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ'বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ - বিবেকানন্দ৷

১২১. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে - ডেল কাৰ্নেগী৷

১২২. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ - ডি এইছ লৰেঞ্চ।

১২৩. আমি জীৱনটো ভাল পাওঁ এই কাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত ৷ সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি ৷ - নীৎসে৷

১২৪. মানুহৰ জন্ম হয় সফল হ'বলৈকে , ব্যৰ্থ হ'বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ - প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷

১২৫. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ - চক্ৰেটিচ।

১২৬. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ - উইলিয়াম এডৱাৰ্ড৷

১২৭ সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ - অভিনয় শিল্পী মৰিচ চেভালিয়া৷

১২৮. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ - লিটন।

১২৯. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই ৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি ? - নেপ'লিয়ান বোনাপাৰ্ট৷

১৩০. কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ ৷ - ফৰাচী দাৰ্শনিক ভল্টেয়াৰ৷

১৩১. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ ৷ - স্বামী বিবেকানন্দ।

১৩২. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই ৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক ৷ - উইনষ্টন চাৰ্চিল৷

১৩৩. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ৷ - জ্যোতি প্ৰসাদ আগৰৱালা৷

১৩৪. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷ - ড০ এ পি জে আব্দুল কালাম৷

১৩৫. জীৱনটোক বুজি পাবলৈ হ’লে পিছলৈ ঘূৰি চাব লাগিব সচাঁ কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ’লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব ৷ -চোৰেন কিয়েকগাৰ্ড৷

১৩৬. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷ - মাৰ্টিন লুথাৰ৷

১৩৭. আনে দেখা বস্তুবোৰ তুমিও দেখা , কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা – তেতিয়া তুমি এটা নতুন বস্তু আৱিস্কাৰ কৰা ৷ - এলবাৰ্ট গিয়ৰগাই৷

১৩৮. এটা কথা মনত ৰাখিবা তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷ তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে ৷ - ডেল কাৰ্নেগী৷

১৩৯. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব ৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব ৷ - বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷

১৪০. মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন ৷ দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে, এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ ৷ - ছেমুৱেল বাটলাৰ৷

১৪১. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷ - ভূপেন হাজৰিকা৷

১৪২. জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ - নেপোলিয়ন বোনাপাৰ্ট৷

১৪৩. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷ - লিঅ'টলষ্টয়৷

১৪৪. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰুঅসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷ - স্বামী বিবেকানন্দ৷

১৪৫. কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷ - ছাৰ জছুৱা ৰেনল্ডছ৷

১৪৬. আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন ৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব ৷ - ৰাজা ৰামমোহন ৰায়৷

১৪৭. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায় ৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় ৷ - লৰ্ড চেষ্টাৰফিল্ড৷

১৪৮. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷ - ফ্ৰান্সিছ থমছন৷

১৪৯. সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা ৷ - মহান ফুটবলাৰ পেলে৷

১৫০. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা - তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ - ডেভিদ ফ্ৰষ্ট৷

১৫১. এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷ - ঋকবেদ৷

১৫২. তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’বা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো ৷ - পল ৰবচন৷

১৫৩. মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব ৷ কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা ৷ - আন্না ফ্ৰয়েড৷

১৫৪. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ - ৰিচাৰ্ড৷

১৫৫. মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ - গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ৷

১৫৬. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোনি ৷ ভালেই হওঁক, বেয়াই হওঁক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব ৷ সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব ৷ - ডেল কাৰ্ণেগী৷

১৫৭. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ - আব্ৰাহাম লিংকন৷

১৫৮. প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা ৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷ - ফৰাছী সাহিত্যত নোবেল বটাঁ বিজয়ী আঁদ্ৰে জিদ৷

১৫৯. কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা ৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয় ৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা ৷ তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা ৷ - গৌতম বুদ্ধ ৷

Comments

Popular posts from this blog

তুমি আহিবা বুলি

বিষাদৰ মাজত আনন্দৰ চকুলো

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে