ইতিহাসে_পাহৰিলে_নেকি? ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক।


ইতিহাসে_পাহৰিলে_নেকি?
ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক
✍বায়েজিদ বোস্তামী
    ভাৰতৰ ঐতিহাসিক কৃৰ্তিস্তম্ভ লালকিল্লাৰ উচ্চ শিখৰত অনবৰতঃ উৰি থকা “তিৰঙ্গা” হ'ল বিশাল ভাৰতবৰ্ষৰ গৌৰৱৰ প্রতীক। স্বাধীনতাৰ পূৰ্বে সেই স্থানত বৃটিছ পতাকাহে উৰিছিল।  আপুনি জানেনে? ব্রিটিছ পতাকাক প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত কোনে পতাকা উত্তোলন কৰিছিল ?
    বর্তমান ভাৰতবৰ্ষত যিসকলক পাকিস্তানী, জঙ্গী বুলি অপবাদ দিয়া হৈছে। তেখেত হ'ল সেইজন মুছলিম সম্প্রদায়ৰ ব্যক্তি, যিজন মহান স্বাধীনতা সংগ্রামী, বিশিষ্ট জননেতা, আজাদ হিন্দ ফৌজৰ মেজৰ, নেতাজী সুভাষ চন্দ্র বসুৰ নয়নমণি “জেনেৰেল শাহনাৱাজ খান।” তেখেত আছিল বর্তমান জনপ্রিয় বলিউড বাদশা শাহৰুখ খানৰ খুৰা। জন্মঃ-২৪ জানুৱাৰী ১৯১৪, আৰু মৃত্যু ৯ ডিচেম্বৰ ১৯৮৩ চন।
    দেশৰ বাবে যিসকলে নিজৰ সর্বস্ব ত্যাগ কৰিছিল, জেনেৰেল শাহনাৱাজ আছিল তেওঁলোকৰ অন্যতম কিংবদন্তী পুৰুষ। তেখেতৰ বক্তৃতাই জনগনক দিব পাৰিছিল মনৰ খোৰাক। লালকিল্লাত প্রতিদিন সন্ধ্যীয়াত অনুষ্ঠিত “light and sound show”-ত নেতাজীৰ সৈতে শাহনাৱাজ খানৰ বক্তৃতাও বৰকৈ স্হান পাইছিল।
    তেখেত আছিল অবিভক্ত ভাৰতৰ একমাত্ৰ বাসিন্দা, ভাৰত বিভাজনৰ সময়ত, পাকিস্তানত সমস্ত পৰিয়ালক ত্যাগ কৰি, অকলেই ভাৰত ভূমিলৈ গুছি আহিছিল। কাৰণ তেখেতৰ পৰিয়ালে বিচাৰিছিল পাকিস্তানত বসবাস কৰিবলৈ, কিন্তু সেয়া তেখেতে চিৰদিনৰ বাবে প্ৰত্যাখান কৰিলে। স্বাধীনতাৰ পৰৱর্তী সময়ত উত্তৰ প্রদেশৰ “মিৰঠ”-ৰ পৰা নির্বাচনত চাৰিবাৰ প্রতিদ্বন্দ্বিতা কৰিছিল, অথবা প্রতিবাৰেই জয়ী সাব্যস্হ হৈছিল। লগতে কেন্দ্রীয় মন্ত্রীসভাতো স্হান পাইছিল।
     ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত শাহনাৱাজ খানৰ এক মর্মান্তিক ঘটনা হিচাপে চিহ্নিত। তেখেতে নিজেই আছিল ভাৰতৰ এজন সু-দক্ষ মন্ত্রী আনহাতে তেখেতৰ পূত্র কর্নেল মেহমুদ আলী আছিল, পাকিস্তান সেনাধ্যক্ষৰ গুৰুত্বপূর্ণ অফিচাৰ। সেই সময়ত কিছু সংখ্যক দেশভক্ত সকলে, তেখেতৰ পদত্যাগ দাবী কৰিছিল। কিন্তু লাল বাহাদুৰ শাস্ত্রী তেখেতক পূৰ্ণ সমৰ্থন কৰিছিল। মেহমুদে সেই যুদ্ধত নিহত হয়, আৰু দেশভক্তিৰ প্রমাণ হিচাপে নিজৰ সন্তানৰ শেষকৃত্য অনুষ্ঠানত তেখেত পাকিস্তানলৈ যোৱা নাছিল।
    তেখেতে কৈছিল, “দেশৰ শত্ৰু, আমাৰ শত্ৰু লাগিলে সেয়া পুত্র হওক অথবা পিতা।”
কিন্তু দুর্ভাগ্যৰ বিষয় আজি সেই মুছলমান সকলকেই ভাৰতত পাকিস্তানী বুলি আখ্যায়িত কৰিছে!
উৎসঃ নতুন গতি

Comments

Popular posts from this blog

তুমি আহিবা বুলি

বিষাদৰ মাজত আনন্দৰ চকুলো

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে