Posts

৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে

Image
৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে কাশ্মীৰৰ টোৰিষ্ট গাইড ৰৌফ আহমেদে ৷ ৰাণী কাশ্মীৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত নাও ডুবি নৈত উটি গৈছিল কলকাতাৰ ৭ গৰাকী পৰ্যটক। এই ঘটনা প্ৰত্যক্ষ কৰি পৰ্যটককেইজনক উদ্ধাৰ কৰিবলৈ নিজৰ জীৱনক ত্যাগ দি নৈত জাঁপ দিলে এজন যুৱকে। আটাইকেইজন পৰ্যটকক উদ্ধাৰ কৰাৰ পিছত যুৱকজন নিজেই উটি গ’ল পানীৰ কোবাল সোঁতত। লিড্ডৰ নৈত সংঘটিত হয় এই কৰুণ ঘটনা। মৃত যুৱকজনৰ নাম ৰৌফ আহমেদ। টুৰিষ্ট গাইড হিচাপে কাম কৰা ৰৌফ  আহমেদক চৰকাৰে মৰনোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰৌফ আহমেদৰ আত্মাৰ সদগতি কামনা কৰিছোঁ ৷

বিশেষভাৱে সক্ষম জুবায়েৰৰ অসাধাৰণ প্ৰতিভা

Image
শাৰীৰিক বাধাগ্ৰস্ততাই সফলতাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিব নোৱাৰে সেই কথাটো বাৰে বাৰে প্ৰমাণিত হৈ আহিছে ৷ এই কথাক আকৌ এবাৰ প্ৰমাণ কৰিলে দৰিদ্ৰ পৰিয়ালৰ জুবাইৰ আহমেদে ৷ গোৱালপাৰা জিলাৰ মাৰকুলা গাঁও পঞ্চায়তৰ অন্তগৰ্ত বাতাবাৰি গাঁৱৰ জুবাইৰে মুখেৰে কোনো মাতবোল কৰিব নোৱাৰাৰ লগতে কাণেৰেও নুশুনে ৷ কিন্তু তেওঁৰ হাতত প্ৰাণ পাই উঠে একো একোখন আলোকচিত্ৰই ৷ কোনো ধৰণৰ ৰং তুলিকা বিহীন কলমেৰে এনেদৰে ছবি আঁকি নিজৰ প্ৰতিভা দাঙি ধৰিছে এই যুৱকজনে ৷   যিকোনো মানুহক এবাৰ দেখিলেই তেওঁৰ হুবহু প্ৰতিচ্ছবি অংকন কৰি দিব পাৰে তেওঁ ৷ তেওঁ আজিলৈকে কোনোধৰণৰ প্ৰশিক্ষণ লোৱা নাই । ৰং-তুলিকা তেওঁৰ নাই , আছে মাত্ৰ এটি কলম ৷ এগৰাকী চিত্ৰ শিল্পী হ’ব পৰা গুণৰ অধিকাৰী দৰিদ্র পৰিয়ালৰ প্ৰতিভাৱান যুৱকজনে কাৰোবাৰ সহায় পালে আৰু অধিক উদ্যমেৰে আগুৱাই যাব পাৰিব বুলি আশা কৰিব পাৰি ৷

জাৰ্মানী লতা বা জাপানী লতাৰ ঔষধি গুণ

Image
জাৰ্মানী লতা বা জাপানী লতাৰ ঔষধি গুণ - ১) কটা ছিঙাত এই লতা মিহিকৈ পিচি  লগাই দি কিছু সময় বান্ধি থলে তেজ বন্ধ হয় আৰু  বিষ কমি যায় । ২) ছালৰ ৰোগত জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ  দিব । এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয় । ৩) কিডনীত পাথৰ হ'লে দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ ওলাই যায় । ৪) জণ্ডিছ হ'লে জাৰ্মানী লতাৰ পাত দহটা মান পিচি ৰস উলিয়ায় এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয় । ৫) মুত্ৰ থলীৰ ৰোগ হলে তেনেদৰে পাত দহটা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত দহদিন মান খালে উপকাৰ পাব ।                                          ✍️ বিনু লষ্কৰ

মহাপুৰুষৰ ১৫৯ টা অমৃত বাণী

বিদ্যালয়ত কৰ্মৰত সতীৰ্থ শিক্ষক বন্ধুৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰো প্ৰয়োজন হ'ব পাৰে... #১৫৯_টা_মহৎ_লোকৰ_অমৰ_বাণী... ১. চুৰ কৰা মহাপাপ । - বুদ্ধদেৱ। ২. সত্যৰ সদায় জয় । - মহাত্মা গান্ধী। ৩. অহিংসা পৰম ধৰ্ম । - মহাত্মা গান্ধী। ৪. সময়েই ধন ৷ - বেঞ্জামিন ফ্ৰেঙ্কলিন। ৫. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ - লজ। ৬. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। - মাইলচ। ৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ। - চক্রেটিজ। ৮. উপদেশতকৈ আৰ্হি ভাল । - হজৰত মহম্মদ। ৯. ভূল জনাতকৈ নজনাই ভাল । - শ্বেক্সপীয়েৰ। ১০. শিক্ষা হৈছে সঞ্জীৱনী অমৃত । - জাকিৰ হুচেইন। ১১. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । - যীশুখৃীষ্ট। ১২. দেশতকৈ মোমাই ডাঙৰ নহয়। - লাচিত বৰফুকন। ১৩. নেতাৰ ভুলত দেশ ধ্বংস হয় । - ইন্দিৰা গান্ধী। ১৪. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৫. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । - ৰুছো। ১৬. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । - আব্ৰাহাম লিংকন। ১৭. যি মূলা বাঢ়ে তাৰ দুপাততে চিন । - ডঃ বানীকান্ত কাকতি। ১৮. সুখ কাৰো চিৰকলীয়া নহয় । - কমলাকান্ত ভট্টাচাৰ্য্য। ১৯. নিজক জ্ঞান...

চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় 100+ সাধাৰণ জ্ঞান।

Image
চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় 100+ সাধাৰণ জ্ঞান। সাধাৰণ জ্ঞান ১) প্ৰশ্ন : ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ : ২৪ ডিচেম্বৰ। ২) প্ৰশ্ন : কোনটো সংস্থা শৰণাৰ্থীৰ (ৰিফিউজী) সৈতে জড়িত? উত্তৰ : UNHCR । ৩) প্ৰশ্ন : CAT ৰ সম্পূৰ্ণ ৰুপ কি? উত্তৰ : Computerised Arial Tomography আৰু Central Administrative Tribunal। ৪) প্ৰশ্ন : অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? উত্তৰ : আডাম স্মিথ। ৫) প্ৰশ্ন : UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত? উত্তৰ : পেৰিছ। ৬) প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ : ২৪ অক্টোবৰ। ৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? উত্তৰ : বাঙ্গালোৰত। ৮) প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন? উত্তৰ : জে. আৰ. ডি. টাটা। ৯) প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ? উত্তৰ : ১.৬ কিঃ মিঃ। ১০) প্ৰশ্ন : নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ : ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ (National Aeronautics and Space Administration)। ১১) প্ৰশ্ন : ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন? উত্তৰ : চি. ৰাজ...

ইতিহাসে_পাহৰিলে_নেকি? ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক।

Image
ইতিহাসে_পাহৰিলে_নেকি ? ব্রিটিছৰ পতাকা প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত পতাকা উত্তোলনকাৰী শাহনাৱাজক । ✍বায়েজিদ বোস্তামী     ভাৰতৰ ঐতিহাসিক কৃৰ্তিস্তম্ভ লালকিল্লাৰ উচ্চ শিখৰত অনবৰতঃ উৰি থকা “তিৰঙ্গা” হ'ল বিশাল ভাৰতবৰ্ষৰ গৌৰৱৰ প্রতীক। স্বাধীনতাৰ পূৰ্বে সেই স্থানত বৃটিছ পতাকাহে উৰিছিল।  আপুনি জানেনে? ব্রিটিছ পতাকাক প্ৰত্যাহাৰ কৰি, সর্বপ্রথম লালকিল্লাত কোনে পতাকা উত্তোলন কৰিছিল ?     বর্তমান ভাৰতবৰ্ষত যিসকলক পাকিস্তানী, জঙ্গী বুলি অপবাদ দিয়া হৈছে। তেখেত হ'ল সেইজন মুছলিম সম্প্রদায়ৰ ব্যক্তি, যিজন মহান স্বাধীনতা সংগ্রামী, বিশিষ্ট জননেতা, আজাদ হিন্দ ফৌজৰ মেজৰ, নেতাজী সুভাষ চন্দ্র বসুৰ নয়নমণি “জেনেৰেল শাহনাৱাজ খান।” তেখেত আছিল বর্তমান জনপ্রিয় বলিউড বাদশা শাহৰুখ খানৰ খুৰা। জন্মঃ-২৪ জানুৱাৰী ১৯১৪, আৰু মৃত্যু ৯ ডিচেম্বৰ ১৯৮৩ চন।     দেশৰ বাবে যিসকলে নিজৰ সর্বস্ব ত্যাগ কৰিছিল, জেনেৰেল শাহনাৱাজ আছিল তেওঁলোকৰ অন্যতম কিংবদন্তী পুৰুষ। তেখেতৰ বক্তৃতাই জনগনক দিব পাৰিছিল মনৰ খোৰাক। লালকিল্লাত প্রতিদিন সন্ধ্যীয়াত অনুষ্ঠিত “light and sound sh...

সাপ দেখিলে কি কৰিব , কি নকৰিব ৷

সাপ দেখিলে কি কৰিব, কি নকৰিবঃ ১/ সাপটোক আমনি নকৰিব, মানুহৰ উমান পালে সি নিজে আঁতৰি যাব। ২/ সাপ দেখাৰ লগে লগে পৰিৱেশটো উত্তাল কৰি নিদিব। লাহে লাহে পিছুৱাই আহক। ৩/ সাপটো যি ফালেদি ওলাই যোৱাৰ সম্ভাৱনা থাকে, সেই পথ বন্ধ নকৰিব। ৪/ সাপে মানুহক দংশন কৰিবলৈ ঘৰৰ ভিতৰলৈ নাহে। খাদ্য বস্তুৰ সন্ধানত বা খাদ্য বস্তুৰ পাছে পাছে আহি সাপ ঘৰ সোমায়। ঘৰৰ ভিতৰত সাপ সোমালে, যদি ওলাই যোৱাৰ পথ সি বিচাৰি নাপাই তেন্তে দুৱাৰ-খিৰিকী খুলি দি তাক ওলাই যোৱাত সহায় কৰক। ৫/ সাপৰ বিষয়ে পূৰ্ণ জ্ঞান আৰু অভিজ্ঞতাৰ অবিহনে সাপ ধৰিবলৈ নাযাব। বিভাগীয় অনুমতি থকা সুদক্ষ ব্যক্তিৰ সহায় লওক। ৬/ ফেনাইল জাতীয় বিষাক্ত দ্ৰৱ্য তাৰ গালৈ ছটিয়াই নিদিব, এনে কৰিলে সাপটোৰ খং উঠি আপোনাক আক্ৰমণ কৰিব পাৰে। ৭/ যোৰপতা সাপ দেখিলে গাত গামোচা দলিয়াবলৈ নাযাব, আপোনাৰ বাবেই যদি কামাতুৰ সাপ দুটাই কামনা চৰিতাৰ্থ কৰিবলৈ নাপাই তেন্তে আপোনাক যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে। ৮/ হঠাতে দেখা সাপক ভয় নুখৱাব, আপোনাৰ ক্ষিপ্ৰ প্ৰতিক্ৰিয়াই আত্মৰক্ষাৰ স্বাৰ্থত সাপটোক খঙাল কৰি তুলিব পাৰে। ৯/ ঘৰৰ পিৰালিত যাতে হাবি-বন নগজে তাৰ প্ৰতি সততে লক্ষ্য ৰাখক। ভাল ফুল ফুলে ...