দুখীয়াৰ কৰুণ বিননি
সভ্যতাৰ যুগত আমি সভ্য মানুহে দুখীয়া মানুহৰ লগত কৰা আচৰণৰ ওপৰত কবিতাৰ আকাৰেৰে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ ভুলত্ৰুটী শুধৰাই দিব বুলি আশা থাকিল ৷
দুখীয়াৰ কৰুণ বিননি
===============
✍ছফিকুল ইছলাম
দুখীয়াৰ সন্তান.....................
আমি গৰীৱ অসহায় ৷
দুচকুত হেজাৰ সপোন লৈ
যুগ যুগ ধৰি বহি থাকোঁ পথৰ দাঁতিত ,
দিন নাযায় ৰাতি নপুৱায় ,
হিয়াৰ আশা হিয়াতে মৰহি যায় ,
কদাপি নহয় পূৰণ দুখীয়াৰ ৰঙীন সপোন ৷৷৷৷
সভ্য পৃথিৱীৰ সভ্য মানুহৰ চকুত
আমি একো একোজন অসভ্য অমানুহ ,
এমুঠি অন্নৰ বাবে
কেতিয়াবা ৰিক্সা চলাওঁ ,
কেতিয়াবা ঠেলাৱালা হৈ
দৈনিক এশ টকা ইনকাম কৰোঁ ৷
ঘৰৰ খৰছ দুশ টকা ,
তাতে আকৌ ডাঙৰ ছোৱালীজনীৰ অসুখ ,
সহায় বিচাৰি যাওঁ মই চাহাবৰ ঘৰলৈ ৷৷৷৷
চাহাব........................
মোৰ ছোৱালীজনীৰ অসুখ
কিবা এটা সহায় কৰিবনে ?
পুৱাই পুৱাই ভিক্ষাৰীক দেখি
খঙৰ ভমকত গৰ্জিত হৈ
গালি পাৰে চাহাবে মোক
ধূৰ্ত প্ৰতাৰক বুলি ৷
চাহাব..........................
আমিতো প্ৰতাৰক নহয় ,
ভাগ্য দোষত আজি আমি নিঠৰুৱা ৷
কিন্তু...................
আপোনাৰ দৰে মোৰো আছিল এটি সুন্দৰ প্ৰাসাদ ,
সভ্য সমাজৰ ময়ো আছিলোঁ এজন সভ্য মানুহ ৷
কিন্তু কালৰূপী সেই লুইতৰ বুকুত ,
চকুৰ পলকতে জাহ গৈছিল
মোৰ সোণৰ প্ৰাসাদ আৰু সুখৰ সংসাৰ ৷৷৷
চাহাব...................
আপোনাৰ দৰে মোৰো এখন চৰকাৰ আছিল ,
প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে
ভোট বিচাৰি আহিছিল সিহঁত
মোৰ ওচৰলৈ ৷
সিহঁতৰ প্ৰয়োজনত মই আছিলোঁ এজন সুনাগৰিক ৷
জীৱনৰ সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰী হৈ
আজি মই কলংকৰ বোজা ,
দেশদ্ৰোহী অবৈধ প্ৰব্ৰজনকাৰী ৷৷৷৷
নিষ্ঠুৰ চাহাবে নুবুজিলে
হতভাগাৰ কৰুণ গাথাঁ ৷
নিৰুপায় হৈ নিজৰ শৰীৰত নিজে আঘাত কৰোঁ ,
ক্ৰন্দনত কম্পিত আকাশ-পাতাল ,
শোকত ভাগি পৰে সমস্ত জীৱকূল ৷
তথাপি নুবুজে সভ্য সমাজে
দুখীয়াৰ কৰুণ বিননি ৷৷৷৷৷
ক্ষুধাৰ তাড়নাত অতীষ্ট হৈ
এমুঠি অন্ন বিচাৰি ,
সমাজৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰোঁ
হাহাকাৰ কৰি ৷
কেতিয়াবা গেলা ডাষ্টবিনত
কেতিয়াবা নলা-নৰ্দমাত ৷
হায় কি যে বিষম !
কতো যে শত্ৰুৱে লগ নেৰে আমাক ৷
মাখিৰ ভুনভুননি , কুকুৰৰ ভুকভুকনি ,
তাৰ মাজতে আমি গ্ৰহণ কৰোঁ
সেই হেঁপাহৰ অন্ন ৷
লোকৰ দৃষ্টিত বোলে সেয়া গেলা অপবিত্ৰ ,
মোৰ বাবে সেয়াই যেন পবিত্ৰ অমৃত ৷৷৷
দুখীয়াৰ সন্তান আমি অসহায়
আমি অঘৰী , আমি সমাজ বিহীন ,
লোকৰ চৰ-থাপৰৰ মেচিন ৷
কেতিয়াবা বৰষুণত তিতোঁ
কেতিয়াবা ৰ’দত শুকাওঁ ৷
আমাৰো পেট আছে , কিন্তু ভোক নাই ৷
কিয়নো....................
অনাহাৰত ভুগি হজম হৈ গৈছে
স্বয়ং আমাৰ পাকস্থলী ৷
জীয়াই থকাৰ যেন আমাৰ কোনো অধিকাৰ নাই ,
তথাপিও যেন জীয়াই আছোঁ কেৱল জীয়াই থকাৰ বাবেই ৷৷৷
দুখীয়াৰ কৰুণ বিননি
===============
✍ছফিকুল ইছলাম
দুখীয়াৰ সন্তান.....................
আমি গৰীৱ অসহায় ৷
দুচকুত হেজাৰ সপোন লৈ
যুগ যুগ ধৰি বহি থাকোঁ পথৰ দাঁতিত ,
দিন নাযায় ৰাতি নপুৱায় ,
হিয়াৰ আশা হিয়াতে মৰহি যায় ,
কদাপি নহয় পূৰণ দুখীয়াৰ ৰঙীন সপোন ৷৷৷৷
সভ্য পৃথিৱীৰ সভ্য মানুহৰ চকুত
আমি একো একোজন অসভ্য অমানুহ ,
এমুঠি অন্নৰ বাবে
কেতিয়াবা ৰিক্সা চলাওঁ ,
কেতিয়াবা ঠেলাৱালা হৈ
দৈনিক এশ টকা ইনকাম কৰোঁ ৷
ঘৰৰ খৰছ দুশ টকা ,
তাতে আকৌ ডাঙৰ ছোৱালীজনীৰ অসুখ ,
সহায় বিচাৰি যাওঁ মই চাহাবৰ ঘৰলৈ ৷৷৷৷
চাহাব........................
মোৰ ছোৱালীজনীৰ অসুখ
কিবা এটা সহায় কৰিবনে ?
পুৱাই পুৱাই ভিক্ষাৰীক দেখি
খঙৰ ভমকত গৰ্জিত হৈ
গালি পাৰে চাহাবে মোক
ধূৰ্ত প্ৰতাৰক বুলি ৷
চাহাব..........................
আমিতো প্ৰতাৰক নহয় ,
ভাগ্য দোষত আজি আমি নিঠৰুৱা ৷
কিন্তু...................
আপোনাৰ দৰে মোৰো আছিল এটি সুন্দৰ প্ৰাসাদ ,
সভ্য সমাজৰ ময়ো আছিলোঁ এজন সভ্য মানুহ ৷
কিন্তু কালৰূপী সেই লুইতৰ বুকুত ,
চকুৰ পলকতে জাহ গৈছিল
মোৰ সোণৰ প্ৰাসাদ আৰু সুখৰ সংসাৰ ৷৷৷
চাহাব...................
আপোনাৰ দৰে মোৰো এখন চৰকাৰ আছিল ,
প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে
ভোট বিচাৰি আহিছিল সিহঁত
মোৰ ওচৰলৈ ৷
সিহঁতৰ প্ৰয়োজনত মই আছিলোঁ এজন সুনাগৰিক ৷
জীৱনৰ সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰী হৈ
আজি মই কলংকৰ বোজা ,
দেশদ্ৰোহী অবৈধ প্ৰব্ৰজনকাৰী ৷৷৷৷
নিষ্ঠুৰ চাহাবে নুবুজিলে
হতভাগাৰ কৰুণ গাথাঁ ৷
নিৰুপায় হৈ নিজৰ শৰীৰত নিজে আঘাত কৰোঁ ,
ক্ৰন্দনত কম্পিত আকাশ-পাতাল ,
শোকত ভাগি পৰে সমস্ত জীৱকূল ৷
তথাপি নুবুজে সভ্য সমাজে
দুখীয়াৰ কৰুণ বিননি ৷৷৷৷৷
ক্ষুধাৰ তাড়নাত অতীষ্ট হৈ
এমুঠি অন্ন বিচাৰি ,
সমাজৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰোঁ
হাহাকাৰ কৰি ৷
কেতিয়াবা গেলা ডাষ্টবিনত
কেতিয়াবা নলা-নৰ্দমাত ৷
হায় কি যে বিষম !
কতো যে শত্ৰুৱে লগ নেৰে আমাক ৷
মাখিৰ ভুনভুননি , কুকুৰৰ ভুকভুকনি ,
তাৰ মাজতে আমি গ্ৰহণ কৰোঁ
সেই হেঁপাহৰ অন্ন ৷
লোকৰ দৃষ্টিত বোলে সেয়া গেলা অপবিত্ৰ ,
মোৰ বাবে সেয়াই যেন পবিত্ৰ অমৃত ৷৷৷
দুখীয়াৰ সন্তান আমি অসহায়
আমি অঘৰী , আমি সমাজ বিহীন ,
লোকৰ চৰ-থাপৰৰ মেচিন ৷
কেতিয়াবা বৰষুণত তিতোঁ
কেতিয়াবা ৰ’দত শুকাওঁ ৷
আমাৰো পেট আছে , কিন্তু ভোক নাই ৷
কিয়নো....................
অনাহাৰত ভুগি হজম হৈ গৈছে
স্বয়ং আমাৰ পাকস্থলী ৷
জীয়াই থকাৰ যেন আমাৰ কোনো অধিকাৰ নাই ,
তথাপিও যেন জীয়াই আছোঁ কেৱল জীয়াই থকাৰ বাবেই ৷৷৷
Really heart touch
ReplyDelete