শ্বহীদ জোৱানৰ শেষ চিঠি
শ্বহীদ জোৱানৰ শেষ চিঠি
==================
✍ছফিকুল ইছলাম
জেঠমাহ……
কেতিয়াবা প্ৰখৰ ৰ’দৰ উত্তাপ
কেতিয়াবা দবাপিটা বৰষুণ
পূৱা-গধূলি অহৰ্নিশে ,
এনে অৱস্থাৰ মাজত
প্ৰতিদিনে
অধীৰ আগ্ৰহেৰে বাট চাই চাই
পাৰ হৈ গ'ল
কিমান যে দিন কিমান ৰাতি ,
ডাকোৱাল আহিব
মোৰ ঘৰৰ খবৰ লৈ
কিন্তু !
নাহিল ডাকোৱালজন
মোৰ আকাঙ্খিত
চিঠিখন লৈ !
অশ্ৰুসিক্ত নয়নেৰে
উকা কাগজখন হাতত লৈ
সেনা জোৱানজন
লিখিব লৈছিল প্ৰেমৰ চিঠি
নিজৰ পত্নী-কন্যালৈ বুলি ।
এনেতে শত্ৰুৰ দপদপনি
সিংহদুৱাৰত
শিলৈৰ শব্দৰে মুখৰিত
আকাশ বতাহ
ৰণ ক্ষেত্ৰৰ ,
দেশমাতৃৰ সুৰক্ষাৰ আহ্বানত
উলাই গৈছিল সেনা জোৱানজন
অসীম সাহসেৰে ৷
নাশ কৰিছিল শত্ৰুৰ ঘাটি
বীৰ পুৰুষৰ দৰে ৷
কিন্তু
ভাহি অহা আৰু
বুকু ভেদি যোৱা
শত্ৰুৰ গুলিত গুলিবিদ্ধ হৈ
বাগৰি পৰিছিল সেনা জোৱানজন
ৰঙীন হৈ পৰিছিল সৰ্বশৰীৰ
কেঁচা তেজেৰে ৷
তেজত ৰাঙলী হোৱা চিঠিখন
হাতত লৈ ডাকোৱাল
আহিছিল সেনাজোৱানৰ ঘৰলৈ,
ক্ৰিং ক্ৰিং শব্দ শুনি
জোৱান কন্যা ওলাইছিল
চিঠিখন ল'বলৈ
আনন্দমনেৰে ।
খুলিছিল চিঠিখন
অধীৰ আগ্ৰহেৰে
পঢ়িব নোৱাৰিলে
সম্পূৰ্ণ চিঠি ,
তেজেৰে ৰাঙলি হোৱা দেখি
কঁপি উঠিছিল বুকু
মাতৃ-কন্যাৰ !!
য’ত লিখা আছিল
ৰঙা তেজ মিশ্ৰিত আখৰেৰে
"মৰমৰ মাজনী
মৰমৰ অৰ্দ্ধাঙ্গিনী
নেকান্দিবা মোৰ কাৰণে
তোমালোক ,
আৰম্ভ কৰিছোঁ মই নতুন যাত্ৰা
অচিন দেশলৈ
য'ৰ পৰা ঘূৰি নাহে কোনেও
দু-না-ই !!
==================
✍ছফিকুল ইছলাম
জেঠমাহ……
কেতিয়াবা প্ৰখৰ ৰ’দৰ উত্তাপ
কেতিয়াবা দবাপিটা বৰষুণ
পূৱা-গধূলি অহৰ্নিশে ,
এনে অৱস্থাৰ মাজত
প্ৰতিদিনে
অধীৰ আগ্ৰহেৰে বাট চাই চাই
পাৰ হৈ গ'ল
কিমান যে দিন কিমান ৰাতি ,
ডাকোৱাল আহিব
মোৰ ঘৰৰ খবৰ লৈ
কিন্তু !
নাহিল ডাকোৱালজন
মোৰ আকাঙ্খিত
চিঠিখন লৈ !
অশ্ৰুসিক্ত নয়নেৰে
উকা কাগজখন হাতত লৈ
সেনা জোৱানজন
লিখিব লৈছিল প্ৰেমৰ চিঠি
নিজৰ পত্নী-কন্যালৈ বুলি ।
এনেতে শত্ৰুৰ দপদপনি
সিংহদুৱাৰত
শিলৈৰ শব্দৰে মুখৰিত
আকাশ বতাহ
ৰণ ক্ষেত্ৰৰ ,
দেশমাতৃৰ সুৰক্ষাৰ আহ্বানত
উলাই গৈছিল সেনা জোৱানজন
অসীম সাহসেৰে ৷
নাশ কৰিছিল শত্ৰুৰ ঘাটি
বীৰ পুৰুষৰ দৰে ৷
কিন্তু
ভাহি অহা আৰু
বুকু ভেদি যোৱা
শত্ৰুৰ গুলিত গুলিবিদ্ধ হৈ
বাগৰি পৰিছিল সেনা জোৱানজন
ৰঙীন হৈ পৰিছিল সৰ্বশৰীৰ
কেঁচা তেজেৰে ৷
তেজত ৰাঙলী হোৱা চিঠিখন
হাতত লৈ ডাকোৱাল
আহিছিল সেনাজোৱানৰ ঘৰলৈ,
ক্ৰিং ক্ৰিং শব্দ শুনি
জোৱান কন্যা ওলাইছিল
চিঠিখন ল'বলৈ
আনন্দমনেৰে ।
খুলিছিল চিঠিখন
অধীৰ আগ্ৰহেৰে
পঢ়িব নোৱাৰিলে
সম্পূৰ্ণ চিঠি ,
তেজেৰে ৰাঙলি হোৱা দেখি
কঁপি উঠিছিল বুকু
মাতৃ-কন্যাৰ !!
য’ত লিখা আছিল
ৰঙা তেজ মিশ্ৰিত আখৰেৰে
"মৰমৰ মাজনী
মৰমৰ অৰ্দ্ধাঙ্গিনী
নেকান্দিবা মোৰ কাৰণে
তোমালোক ,
আৰম্ভ কৰিছোঁ মই নতুন যাত্ৰা
অচিন দেশলৈ
য'ৰ পৰা ঘূৰি নাহে কোনেও
দু-না-ই !!
Comments
Post a Comment