বিষাদৰ মাজত আনন্দৰ চকুলো
বিষাদৰ মাজত আনন্দৰ চকুলো
=======================
✍ছফিকুল ইছলাম
নিষ্ঠুৰ এজাক বতাহ …
কঢ়িয়াই আনে মনলৈ
এক বিষাদৰ বতৰা ,
কেতিয়াবা আনন্দৰ জোৱাৰ ,
কেতিয়াবা আহে
জীয়াই থকাৰ বাসনা হৈ ।
কাৰোবাৰ জীৱনলৈ আহে
বিষাক্ত কালসাপিনী হৈ ,
উৰুৱাই লৈ যায় নিমিষতে
আপোনজনক দূৰণিলৈ ,
ছাৰখাৰ কৰি দিয়ে
হৃদয় পুৰা জুয়ে
কতজনৰ বুকু ৷
নিষ্ঠুৰ সেই বতাহজাক
আহিছিল মোৰ জীৱনলৈও ,
এটি মধুময় ক্ষণত ৷
কিন্তু……
কালৰূপী সেই বতাহজাকে
উৰুৱাই লৈ গৈছিল মোৰ প্ৰিয়তমাক ৷
অচিন দেশলৈ
উদং কৰি মোৰ হৃদয় ৷
প্ৰিয়াৰ উন্মাদনাত
মাতাল হৈ
বিচাৰি ফুৰিছিলোঁ মই
পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ
কেতিয়াবা নদীৰ পাৰত ,
কেতিয়াবা অটব্য হাবিৰ মাজত ৷
কেতিয়াবা
মৰুভূমিৰ শুষ্ক বালিৰ মাজত ৷
খেদি ফুৰিছিলোঁ ,
কিমান যে মৰীচিকা
জিৰাইছিলোঁ ক্ষন্তেক
ভাগৰুৱা হৈ ,
দুটি মোহনাৰ মিলন পথত ৷
আৰম্ভ কৰিছোঁৱে আকৌ
জীৱনৰ এক নতুন যাত্ৰা ৷
তেনে এক শুভক্ষণত
হঠাৎ আগমন হৈছিল
মোৰ প্ৰিয়াৰ
এক নতুন সাজেৰে ,
মায়াবী ভঙ্গিমাৰে
আঁকোৱালি লৈছিল মোক
অতি মৰমেৰে ,
মচি দিছিল এফালৰ পৰা
বিষাদৰ চকুলোবোৰ ।
অচিনা অজানা এক মমতাৰ সাগৰত
প্ৰাণ পাই উঠিছিল মোৰ
মৃতপ্ৰায় হৃদয়খন ,
মায়াবী বান্ধোনেৰে বান্ধিছিল মোক ,
যুগযুগান্তৰ লৈ ৷
হাঁহি উঠিছিল
ৰাতিৰ আকাশৰ তৰাবোৰে
ব্যঙ্গাত্মক সুৰেৰে ,
কুলুকুলু সুৰেৰে হাঁহিছিল মোহনাই ৷
সেয়া নেকি হাঁহি অভিনন্দনৰ
তথাপিও
ভয় লাগিছিল মোৰ
আকাশৰ ফালে চাবলৈ ৷৷
=======================
✍ছফিকুল ইছলাম
নিষ্ঠুৰ এজাক বতাহ …
কঢ়িয়াই আনে মনলৈ
এক বিষাদৰ বতৰা ,
কেতিয়াবা আনন্দৰ জোৱাৰ ,
কেতিয়াবা আহে
জীয়াই থকাৰ বাসনা হৈ ।
কাৰোবাৰ জীৱনলৈ আহে
বিষাক্ত কালসাপিনী হৈ ,
উৰুৱাই লৈ যায় নিমিষতে
আপোনজনক দূৰণিলৈ ,
ছাৰখাৰ কৰি দিয়ে
হৃদয় পুৰা জুয়ে
কতজনৰ বুকু ৷
নিষ্ঠুৰ সেই বতাহজাক
আহিছিল মোৰ জীৱনলৈও ,
এটি মধুময় ক্ষণত ৷
কিন্তু……
কালৰূপী সেই বতাহজাকে
উৰুৱাই লৈ গৈছিল মোৰ প্ৰিয়তমাক ৷
অচিন দেশলৈ
উদং কৰি মোৰ হৃদয় ৷
প্ৰিয়াৰ উন্মাদনাত
মাতাল হৈ
বিচাৰি ফুৰিছিলোঁ মই
পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ
কেতিয়াবা নদীৰ পাৰত ,
কেতিয়াবা অটব্য হাবিৰ মাজত ৷
কেতিয়াবা
মৰুভূমিৰ শুষ্ক বালিৰ মাজত ৷
খেদি ফুৰিছিলোঁ ,
কিমান যে মৰীচিকা
জিৰাইছিলোঁ ক্ষন্তেক
ভাগৰুৱা হৈ ,
দুটি মোহনাৰ মিলন পথত ৷
আৰম্ভ কৰিছোঁৱে আকৌ
জীৱনৰ এক নতুন যাত্ৰা ৷
তেনে এক শুভক্ষণত
হঠাৎ আগমন হৈছিল
মোৰ প্ৰিয়াৰ
এক নতুন সাজেৰে ,
মায়াবী ভঙ্গিমাৰে
আঁকোৱালি লৈছিল মোক
অতি মৰমেৰে ,
মচি দিছিল এফালৰ পৰা
বিষাদৰ চকুলোবোৰ ।
অচিনা অজানা এক মমতাৰ সাগৰত
প্ৰাণ পাই উঠিছিল মোৰ
মৃতপ্ৰায় হৃদয়খন ,
মায়াবী বান্ধোনেৰে বান্ধিছিল মোক ,
যুগযুগান্তৰ লৈ ৷
হাঁহি উঠিছিল
ৰাতিৰ আকাশৰ তৰাবোৰে
ব্যঙ্গাত্মক সুৰেৰে ,
কুলুকুলু সুৰেৰে হাঁহিছিল মোহনাই ৷
সেয়া নেকি হাঁহি অভিনন্দনৰ
তথাপিও
ভয় লাগিছিল মোৰ
আকাশৰ ফালে চাবলৈ ৷৷
Comments
Post a Comment