Posts

কেৱল তোমাৰ বাবেই

কেৱল তোমাৰ বাবেই =============== ✍ছফিকুল ইছলাম ৷ কেৱল তোমাৰ বাবেই     কবিতা লিখিছোঁ ,         লিখিছোঁ কিমান যে গান ; কেৱল তোমাৰ বাবেই     আজি  মই নিজকে          কৰি দিছোঁ নিষ্প্ৰাণ !! কেৱল তোমাৰ বাবেই     মোৰ জীৱনৰ সুৰ,তাল,ছন্দ         বিলিন হৈ গ’ল কালৰ সোঁতত ; কেৱল তোমাৰ বাবেই     সপোন ৰচিছোঁ         জীৱনৰ প্ৰতিটো ক্ষণত ৷৷ কেৱল তোমাৰ বাবেই      ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই ,          প্ৰেমৰ কবিতা লিখোঁ ; কেৱল তোমাৰ বাবেই      আজি মই অকলশৰীয়া হৈ           বিৰহৰ ছবি আকোঁ ৷ কেৱল তোমাৰ বাবেই      জীয়াই আছোঁ যুগ যুগ ধৰি          শূন্য হৃদয় লৈ ; পূৰ্ণ কৰিবা শূন্য হৃদয়খন      মোৰ জীৱনলৈ আহি          জীয়াই থকাৰ বাসনা হৈ !!

জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে কিছু কথা

ভাৰতৰ ইতিহাসত আটাইতকৈ কুখ্যাত গণহত্যা , জালিয়ানৱালাবাগৰ হত্যাকাণ্ড -ঃ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰৰ হত্যাকাণ্ড ভাৰতৰ ইতিহাসত এটি অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে অবিভক্ত ভাৰতৰ পাঞ্জাব প্রদেশৰ অমৃতসৰ চহৰত ব্ৰিটিছ সেনানায়ক ব্রিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নির্দেশত সংঘটিত হৈছিল এই কুখ্যাত হত্যাকাণ্ড ৷ ভাৰত উপমহাদেশ তেতিয়াও ব্ৰিটিছ শাসনৰ অধীনত আছিল । ১৯১৯ চনৰ ১৩ এপ্রিল , দেওবাৰ । সেই দিনটো আছিল শিখ ধৰ্মাৱলম্বী লোকসকলৰ নববর্ষ উৎসৱ। স্বর্ণমন্দিৰসংলগ্ন জালিয়ানৱালাবাগৰ বিশেষ প্রার্থনাসভাত উপস্থিত হৈছিল অমৃতসৰৰ বিভিন্ন ধৰ্মৰ অতি কমেও ২০ হাজাৰ মানুহ ৷ অমৃতসৰ চহৰৰ বিভিন্ন প্ৰান্তত তেতিয়া ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ৰাওলাট আইনৰ বিৰুদ্ধে আন্দোলন চলি আছিল । আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ ব্রিটিছ চৰকাৰে জাৰী কৰিছিল ১৪৪ ধাৰা । সেই ধাৰা ভঙ্গ কৰি নববর্ষ উৎসৱ পালনৰ উদ্দেশ্যে সকলোৱে জালিয়ানৱালাবাগৰ খেলপথাৰত সমবেত হৈছিল । চৌদিশ দেৱালেৰে আৱদ্ধ খেলপথাৰখনৰ প্ৰৱেশৰ বাবে এটি মাত্ৰ সৰু প্ৰৱেশদ্বাৰ আছিল যদিও তেনেই সৰু ৷ সেই খবৰ শুনি  ব্রিটিছ ব্রিগেডিয়াৰ জেনেৰেল ডায়াৰে ৫০ জন বন...

দুখীয়াৰ কৰুণ বিননি

সভ্যতাৰ যুগত আমি সভ্য মানুহে দুখীয়া মানুহৰ লগত কৰা আচৰণৰ ওপৰত কবিতাৰ আকাৰেৰে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ ভুলত্ৰুটী শুধৰাই দিব বুলি আশা থাকিল ৷ দুখীয়াৰ কৰুণ বিননি =============== ✍ছফিকুল ইছলাম দুখীয়াৰ সন্তান..................... আমি গৰীৱ অসহায় ৷ দুচকুত হেজাৰ সপোন লৈ যুগ যুগ ধৰি বহি থাকোঁ পথৰ দাঁতিত , দিন নাযায় ৰাতি নপুৱায় , হিয়াৰ আশা হিয়াতে মৰহি যায় , কদাপি নহয় পূৰণ দুখীয়াৰ ৰঙীন সপোন ৷৷৷৷ সভ্য পৃথিৱীৰ সভ্য মানুহৰ চকুত আমি একো একোজন অসভ্য অমানুহ , এমুঠি অন্নৰ বাবে কেতিয়াবা ৰিক্সা চলাওঁ , কেতিয়াবা ঠেলাৱালা হৈ দৈনিক এশ টকা ইনকাম কৰোঁ ৷ ঘৰৰ খৰছ দুশ টকা , তাতে আকৌ ডাঙৰ ছোৱালীজনীৰ অসুখ , সহায় বিচাৰি যাওঁ মই চাহাবৰ ঘৰলৈ ৷৷৷৷ চাহাব........................ মোৰ ছোৱালীজনীৰ অসুখ কিবা এটা সহায় কৰিবনে ? পুৱাই পুৱাই ভিক্ষাৰীক দেখি খঙৰ ভমকত গৰ্জিত হৈ গালি পাৰে চাহাবে মোক ধূৰ্ত প্ৰতাৰক বুলি ৷ চাহাব.......................... আমিতো প্ৰতাৰক নহয় , ভাগ্য দোষত আজি আমি নিঠৰুৱা ৷ কিন্তু................... আপোনাৰ দৰে মোৰো আছিল এটি সুন্দৰ প্ৰাসাদ , সভ্য সমাজৰ ময়ো আছিলোঁ এজন সভ্য ...

ভোগালী বিহুৰ শুভেচ্ছাৰে

Image
--------------শুভেচ্ছা---------- "নিয়ৰ সৰা গধূলি মাঘ মাহৰ জাননী মেজিৰ তলৰ ধেমালি চোৱা আহি পালে ভোগালী" মেজিৰ পৱিত্র জুইয়ে আপোনাৰ হৃদয় উমাল কৰি তোলক। মাঘৰ মেজিয়ে সুখৰ বাৰ্তা কঢ়িয়াই আনি আপোনাৰ জীৱন ৰঙীন কৰি তোলক। ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে আপোনাৰ জীৱন সুখময় হওক | মেজিৰ জুইত জাহ যাওঁক "নাগৰিকত্ব (সংশোধনী) বিধেয়ক - ২০১৬" আৰু জাহ যাওঁক অসমবিৰোধী সকলো চক্ৰান্ত। সমাজ বিৰোধী কাৰ্যকলাপ,সাম্প্ৰদায়িক শক্তি আদি নিপাত যাওঁক আৰু কঢ়িয়াই আনক সুখ শান্তি সম্প্ৰীতি আৰু একতাৰ এনাজৰি। তাৰেই কামনাৰে আপোনাক তথা আপোনাৰ পৰিয়াল বৰ্গলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ জয় আই অসম ধন্যবাদেৰে_____                        ছফিকুল ইছলাম

বিষাদৰ মাজত আনন্দৰ চকুলো

বিষাদৰ মাজত আনন্দৰ চকুলো ======================= ✍ছফিকুল ইছলাম নিষ্ঠুৰ এজাক বতাহ … কঢ়িয়াই আনে মনলৈ এক বিষাদৰ বতৰা , কেতিয়াবা আনন্দৰ জোৱাৰ , কেতিয়াবা আহে জীয়াই থকাৰ বাসনা হৈ । কাৰোবাৰ জীৱনলৈ আহে বিষাক্ত কালসাপিনী হৈ , উৰুৱাই লৈ যায় নিমিষতে আপোনজনক দূৰণিলৈ , ছাৰখাৰ কৰি দিয়ে হৃদয় পুৰা জুয়ে কতজনৰ বুকু ৷ নিষ্ঠুৰ সেই বতাহজাক আহিছিল মোৰ জীৱনলৈও , এটি মধুময় ক্ষণত ৷ কিন্তু…… কালৰূপী সেই বতাহজাকে উৰুৱাই লৈ গৈছিল মোৰ প্ৰিয়তমাক ৷ অচিন দেশলৈ উদং কৰি মোৰ হৃদয় ৷ প্ৰিয়াৰ উন্মাদনাত মাতাল হৈ বিচাৰি ফুৰিছিলোঁ মই পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ কেতিয়াবা নদীৰ পাৰত , কেতিয়াবা অটব্য হাবিৰ মাজত ৷ কেতিয়াবা মৰুভূমিৰ শুষ্ক বালিৰ মাজত ৷ খেদি ফুৰিছিলোঁ , কিমান যে মৰীচিকা জিৰাইছিলোঁ ক্ষন্তেক ভাগৰুৱা হৈ , দুটি মোহনাৰ মিলন পথত ৷ আৰম্ভ কৰিছোঁৱে আকৌ জীৱনৰ এক নতুন যাত্ৰা ৷ তেনে এক শুভক্ষণত হঠাৎ আগমন হৈছিল মোৰ প্ৰিয়াৰ এক নতুন সাজেৰে , মায়াবী ভঙ্গিমাৰে আঁকোৱালি লৈছিল মোক অতি মৰমেৰে , মচি দিছিল এফালৰ পৰা বিষাদৰ চকুলোবোৰ । অচিনা অজানা এক মমতাৰ সাগৰত প্ৰাণ পাই উঠিছিল মোৰ মৃ...

শ্বহীদ জোৱানৰ শেষ চিঠি

শ্বহীদ জোৱানৰ শেষ চিঠি ================== ✍ছফিকুল ইছলাম জেঠমাহ…… কেতিয়াবা প্ৰখৰ ৰ’দৰ উত্তাপ কেতিয়াবা দবাপিটা বৰষুণ পূৱা-গধূলি অহৰ্নিশে , এনে অৱস্থাৰ মাজত প্ৰতিদিনে অধীৰ আগ্ৰহেৰে বাট চাই চাই পাৰ হৈ গ'ল কিমান যে দিন কিমান ৰাতি , ডাকোৱাল আহিব মোৰ ঘৰৰ খবৰ লৈ কিন্তু ! নাহিল ডাকোৱালজন মোৰ আকাঙ্খিত চিঠিখন লৈ ! অশ্ৰুসিক্ত নয়নেৰে উকা কাগজখন হাতত লৈ সেনা জোৱানজন লিখিব লৈছিল প্ৰেমৰ চিঠি নিজৰ পত্নী-কন্যালৈ বুলি । এনেতে শত্ৰুৰ দপদপনি সিংহদুৱাৰত শিলৈৰ শব্দৰে মুখৰিত আকাশ বতাহ ৰণ ক্ষেত্ৰৰ , দেশমাতৃৰ সুৰক্ষাৰ আহ্বানত উলাই গৈছিল সেনা জোৱানজন অসীম সাহসেৰে ৷ নাশ কৰিছিল শত্ৰুৰ ঘাটি বীৰ পুৰুষৰ দৰে ৷ কিন্তু ভাহি অহা আৰু বুকু ভেদি যোৱা শত্ৰুৰ গুলিত গুলিবিদ্ধ হৈ বাগৰি পৰিছিল সেনা জোৱানজন ৰঙীন হৈ পৰিছিল সৰ্বশৰীৰ কেঁচা তেজেৰে ৷ তেজত ৰাঙলী হোৱা চিঠিখন হাতত লৈ ডাকোৱাল আহিছিল সেনাজোৱানৰ ঘৰলৈ, ক্ৰিং ক্ৰিং শব্দ শুনি জোৱান কন্যা ওলাইছিল চিঠিখন ল'বলৈ আনন্দমনেৰে । খুলিছিল চিঠিখন অধীৰ আগ্ৰহেৰে পঢ়িব নোৱাৰিলে সম্পূৰ্ণ চিঠি , তেজেৰে ৰাঙলি হোৱা দেখি কঁপি উঠিছ...

মই ভালপোৱা পখিলাজনী

মই ভালপোৱা পখিলাজনী ================== ✍ছফিকুল ইছলাম শৰতৰ জোনাক নিশা হৃদয় কাননৰ সেই ফুলপাহে বতাহৰ চেঁৱে চেঁৱে , চৌদিশ আমোলমোৱাইছিল নিজৰ সুবাসেৰে ৷ ফুলৰ ৰাগিত মজি দৌৰি গৈছিলোঁ মই সেই ফুলনিলৈ , ফুলপাহত আছিল বহি আটক ধুনীয়া পখিলাজনী সৰগৰ ৰাণী হৈ ! সুৰভি চটিয়াইছিল চৌপাশে আনন্দ মনেৰে ৷ পখিলা নহয় যেন এটি সোণবৰণীয়া তৰাই প্ৰেমৰ কথা পাতি আছিল জোনাকৰ সৈতে , হাঁহি আছিল আনন্দত ফুলনিৰ ফুলবোৰে ৷ জাকজমকীয়া সৌন্দৰ্য্যৰ ৰাগিত মজি , আগুৱাই গৈছিলোঁ মই তাইক ধৰিবলৈ , মায়াবী দৃষ্টিৰে লাজুকী হাঁহিৰে প্ৰেমৰ হাত আগবঢ়াইছিল মোলৈ , নাচি উঠিছিলোঁ মই আনন্দত আপোন পাহৰা হৈ । কিন্তু হঠাৎ……… এজাক দক্ষিণা বতাহ আহিল উৰুৱাই লৈ গ’ল তাইক অচিন দেশলৈ ৷ আহঃ কি বিষম ! আজিও তাইক বিচাৰি ফুৰিছোঁ মই ধৰণীৰ ইমূৰৰ পৰা সিমূৰলৈ , কিয়নো……… তাইক পোৱাৰ তীব্ৰ বাসনাই মোক , যুগযুগ ধৰি জীয়াই থাকিবলৈ অসীম প্ৰেৰণা যোগায় ৷