Posts

Showing posts from January, 2019

দুখীয়াৰ কৰুণ বিননি

সভ্যতাৰ যুগত আমি সভ্য মানুহে দুখীয়া মানুহৰ লগত কৰা আচৰণৰ ওপৰত কবিতাৰ আকাৰেৰে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ ভুলত্ৰুটী শুধৰাই দিব বুলি আশা থাকিল ৷ দুখীয়াৰ কৰুণ বিননি =============== ✍ছফিকুল ইছলাম দুখীয়াৰ সন্তান..................... আমি গৰীৱ অসহায় ৷ দুচকুত হেজাৰ সপোন লৈ যুগ যুগ ধৰি বহি থাকোঁ পথৰ দাঁতিত , দিন নাযায় ৰাতি নপুৱায় , হিয়াৰ আশা হিয়াতে মৰহি যায় , কদাপি নহয় পূৰণ দুখীয়াৰ ৰঙীন সপোন ৷৷৷৷ সভ্য পৃথিৱীৰ সভ্য মানুহৰ চকুত আমি একো একোজন অসভ্য অমানুহ , এমুঠি অন্নৰ বাবে কেতিয়াবা ৰিক্সা চলাওঁ , কেতিয়াবা ঠেলাৱালা হৈ দৈনিক এশ টকা ইনকাম কৰোঁ ৷ ঘৰৰ খৰছ দুশ টকা , তাতে আকৌ ডাঙৰ ছোৱালীজনীৰ অসুখ , সহায় বিচাৰি যাওঁ মই চাহাবৰ ঘৰলৈ ৷৷৷৷ চাহাব........................ মোৰ ছোৱালীজনীৰ অসুখ কিবা এটা সহায় কৰিবনে ? পুৱাই পুৱাই ভিক্ষাৰীক দেখি খঙৰ ভমকত গৰ্জিত হৈ গালি পাৰে চাহাবে মোক ধূৰ্ত প্ৰতাৰক বুলি ৷ চাহাব.......................... আমিতো প্ৰতাৰক নহয় , ভাগ্য দোষত আজি আমি নিঠৰুৱা ৷ কিন্তু................... আপোনাৰ দৰে মোৰো আছিল এটি সুন্দৰ প্ৰাসাদ , সভ্য সমাজৰ ময়ো আছিলোঁ এজন সভ্য ...

ভোগালী বিহুৰ শুভেচ্ছাৰে

Image
--------------শুভেচ্ছা---------- "নিয়ৰ সৰা গধূলি মাঘ মাহৰ জাননী মেজিৰ তলৰ ধেমালি চোৱা আহি পালে ভোগালী" মেজিৰ পৱিত্র জুইয়ে আপোনাৰ হৃদয় উমাল কৰি তোলক। মাঘৰ মেজিয়ে সুখৰ বাৰ্তা কঢ়িয়াই আনি আপোনাৰ জীৱন ৰঙীন কৰি তোলক। ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে আপোনাৰ জীৱন সুখময় হওক | মেজিৰ জুইত জাহ যাওঁক "নাগৰিকত্ব (সংশোধনী) বিধেয়ক - ২০১৬" আৰু জাহ যাওঁক অসমবিৰোধী সকলো চক্ৰান্ত। সমাজ বিৰোধী কাৰ্যকলাপ,সাম্প্ৰদায়িক শক্তি আদি নিপাত যাওঁক আৰু কঢ়িয়াই আনক সুখ শান্তি সম্প্ৰীতি আৰু একতাৰ এনাজৰি। তাৰেই কামনাৰে আপোনাক তথা আপোনাৰ পৰিয়াল বৰ্গলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ জয় আই অসম ধন্যবাদেৰে_____                        ছফিকুল ইছলাম

বিষাদৰ মাজত আনন্দৰ চকুলো

বিষাদৰ মাজত আনন্দৰ চকুলো ======================= ✍ছফিকুল ইছলাম নিষ্ঠুৰ এজাক বতাহ … কঢ়িয়াই আনে মনলৈ এক বিষাদৰ বতৰা , কেতিয়াবা আনন্দৰ জোৱাৰ , কেতিয়াবা আহে জীয়াই থকাৰ বাসনা হৈ । কাৰোবাৰ জীৱনলৈ আহে বিষাক্ত কালসাপিনী হৈ , উৰুৱাই লৈ যায় নিমিষতে আপোনজনক দূৰণিলৈ , ছাৰখাৰ কৰি দিয়ে হৃদয় পুৰা জুয়ে কতজনৰ বুকু ৷ নিষ্ঠুৰ সেই বতাহজাক আহিছিল মোৰ জীৱনলৈও , এটি মধুময় ক্ষণত ৷ কিন্তু…… কালৰূপী সেই বতাহজাকে উৰুৱাই লৈ গৈছিল মোৰ প্ৰিয়তমাক ৷ অচিন দেশলৈ উদং কৰি মোৰ হৃদয় ৷ প্ৰিয়াৰ উন্মাদনাত মাতাল হৈ বিচাৰি ফুৰিছিলোঁ মই পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ কেতিয়াবা নদীৰ পাৰত , কেতিয়াবা অটব্য হাবিৰ মাজত ৷ কেতিয়াবা মৰুভূমিৰ শুষ্ক বালিৰ মাজত ৷ খেদি ফুৰিছিলোঁ , কিমান যে মৰীচিকা জিৰাইছিলোঁ ক্ষন্তেক ভাগৰুৱা হৈ , দুটি মোহনাৰ মিলন পথত ৷ আৰম্ভ কৰিছোঁৱে আকৌ জীৱনৰ এক নতুন যাত্ৰা ৷ তেনে এক শুভক্ষণত হঠাৎ আগমন হৈছিল মোৰ প্ৰিয়াৰ এক নতুন সাজেৰে , মায়াবী ভঙ্গিমাৰে আঁকোৱালি লৈছিল মোক অতি মৰমেৰে , মচি দিছিল এফালৰ পৰা বিষাদৰ চকুলোবোৰ । অচিনা অজানা এক মমতাৰ সাগৰত প্ৰাণ পাই উঠিছিল মোৰ মৃ...

শ্বহীদ জোৱানৰ শেষ চিঠি

শ্বহীদ জোৱানৰ শেষ চিঠি ================== ✍ছফিকুল ইছলাম জেঠমাহ…… কেতিয়াবা প্ৰখৰ ৰ’দৰ উত্তাপ কেতিয়াবা দবাপিটা বৰষুণ পূৱা-গধূলি অহৰ্নিশে , এনে অৱস্থাৰ মাজত প্ৰতিদিনে অধীৰ আগ্ৰহেৰে বাট চাই চাই পাৰ হৈ গ'ল কিমান যে দিন কিমান ৰাতি , ডাকোৱাল আহিব মোৰ ঘৰৰ খবৰ লৈ কিন্তু ! নাহিল ডাকোৱালজন মোৰ আকাঙ্খিত চিঠিখন লৈ ! অশ্ৰুসিক্ত নয়নেৰে উকা কাগজখন হাতত লৈ সেনা জোৱানজন লিখিব লৈছিল প্ৰেমৰ চিঠি নিজৰ পত্নী-কন্যালৈ বুলি । এনেতে শত্ৰুৰ দপদপনি সিংহদুৱাৰত শিলৈৰ শব্দৰে মুখৰিত আকাশ বতাহ ৰণ ক্ষেত্ৰৰ , দেশমাতৃৰ সুৰক্ষাৰ আহ্বানত উলাই গৈছিল সেনা জোৱানজন অসীম সাহসেৰে ৷ নাশ কৰিছিল শত্ৰুৰ ঘাটি বীৰ পুৰুষৰ দৰে ৷ কিন্তু ভাহি অহা আৰু বুকু ভেদি যোৱা শত্ৰুৰ গুলিত গুলিবিদ্ধ হৈ বাগৰি পৰিছিল সেনা জোৱানজন ৰঙীন হৈ পৰিছিল সৰ্বশৰীৰ কেঁচা তেজেৰে ৷ তেজত ৰাঙলী হোৱা চিঠিখন হাতত লৈ ডাকোৱাল আহিছিল সেনাজোৱানৰ ঘৰলৈ, ক্ৰিং ক্ৰিং শব্দ শুনি জোৱান কন্যা ওলাইছিল চিঠিখন ল'বলৈ আনন্দমনেৰে । খুলিছিল চিঠিখন অধীৰ আগ্ৰহেৰে পঢ়িব নোৱাৰিলে সম্পূৰ্ণ চিঠি , তেজেৰে ৰাঙলি হোৱা দেখি কঁপি উঠিছ...

মই ভালপোৱা পখিলাজনী

মই ভালপোৱা পখিলাজনী ================== ✍ছফিকুল ইছলাম শৰতৰ জোনাক নিশা হৃদয় কাননৰ সেই ফুলপাহে বতাহৰ চেঁৱে চেঁৱে , চৌদিশ আমোলমোৱাইছিল নিজৰ সুবাসেৰে ৷ ফুলৰ ৰাগিত মজি দৌৰি গৈছিলোঁ মই সেই ফুলনিলৈ , ফুলপাহত আছিল বহি আটক ধুনীয়া পখিলাজনী সৰগৰ ৰাণী হৈ ! সুৰভি চটিয়াইছিল চৌপাশে আনন্দ মনেৰে ৷ পখিলা নহয় যেন এটি সোণবৰণীয়া তৰাই প্ৰেমৰ কথা পাতি আছিল জোনাকৰ সৈতে , হাঁহি আছিল আনন্দত ফুলনিৰ ফুলবোৰে ৷ জাকজমকীয়া সৌন্দৰ্য্যৰ ৰাগিত মজি , আগুৱাই গৈছিলোঁ মই তাইক ধৰিবলৈ , মায়াবী দৃষ্টিৰে লাজুকী হাঁহিৰে প্ৰেমৰ হাত আগবঢ়াইছিল মোলৈ , নাচি উঠিছিলোঁ মই আনন্দত আপোন পাহৰা হৈ । কিন্তু হঠাৎ……… এজাক দক্ষিণা বতাহ আহিল উৰুৱাই লৈ গ’ল তাইক অচিন দেশলৈ ৷ আহঃ কি বিষম ! আজিও তাইক বিচাৰি ফুৰিছোঁ মই ধৰণীৰ ইমূৰৰ পৰা সিমূৰলৈ , কিয়নো……… তাইক পোৱাৰ তীব্ৰ বাসনাই মোক , যুগযুগ ধৰি জীয়াই থাকিবলৈ অসীম প্ৰেৰণা যোগায় ৷

বাপুজী আকৌ এবাৰ আহা তুমি

Image
বাপুজী আকৌ এবাৰ আহা তুমি =================== ✍ ছফিকুল ইছলাম হিংসাৰে জৰ্জৰিত আমাৰ মাতৃভূমিলৈ শান্তি আৰু অহিংসাৰ পূজাৰী হৈ বাপুজী আকৌ এবাৰ আহা তুমি আমাৰ মাজলৈ ৷ তোমাৰ সপোনৰ ৰামৰাজ্যত চাৰিওফালৰ পৰা ছানি ধৰিছে ক’লা মেঘে , হিংসা আৰু কলুষতাই আৱৰি ধৰা দানৱীয় সমাজত নিস্পেষিত জনতাৰ ত্ৰাণকৰ্তা হৈ বাপুজী আকৌ এবাৰ আহা তুমি আমাৰ মাজলৈ ৷৷ তোমাৰ আদৰ্শক আকোঁৱালি সফলতাৰ বাটেৰে আজি উচ্চ শিখৰলৈ যায় জগত বাসী , কিন্তু…… অসুৰীয় শক্তিয়ে গ্ৰাহ কৰা তোমাৰ সপোনৰ ৰামৰাজ্যত আজিও আমি একো একোজন নিৰ্বোধ , য’ত পাবলৈ নাই এজনো মানুহ , বৈষম্যতা আৰু অসমতাই বিৰাজ কৰা অন্ধকাৰ সমাজ চাফা কৰিবলৈ , দেৱদূত হৈ বাপুজি আকৌ এবাৰ আহা তুমি আমাৰ মাজলৈ ৷৷ তোমাৰ আদৰ্শ আৰু বাণী বিলাবলৈ আগুৱাইছে আজি অজস্ৰ সৈনিক আমি একো একোজন অজেয় জোৱান , বুকুত অদম্য সাহস আৰু শক্তি লৈ পিশাচীয় শক্তিৰ পৰা জয় জিনি এক জাতি গঢ়িবলৈ আমি আগুৱাইছোঁ মানুহৰ জয়গান গাবলৈ ৷ বাপুজী আকৌ এবাৰ আহা তুমি আমাৰ মাজলৈ ৷৷

তুমি বিহীন মই

       তুমি বিহীন মই   ✍ ছফিকুল ইছলাম  জীৱনৰ অচিন বাটেৰে বুকু ভৰা বেদনা আৰু হৃদয় পোৰা যন্ত্ৰণা লৈ আৰু কিমান দূৰলৈ যাম সখী ? তোমাক বিচাৰি আজি অটব্য হাবিৰ প্ৰতিটো চুকে-কোণে ঘূৰি ফুৰিছোঁ , তোমাক পোৱাৰ আশাৰে জীৱনৰ প্ৰতিটো পদে পদে মৃত্যু গচকি , শত্ৰুৰ সতে দিনৰ পিছত দিন ধৰি যুদ্ধ কৰিছোঁ , আৰু কিমান যন্ত্ৰণা সহিম সখী ? মায়াবী চকুৰে এবাৰ পিছলৈ ঘূৰি চোৱা ৷ তোমাৰ অবৰ্তমানত চৌদিশে কেৱল দুৰ্ভিক্ষ আৰু অমানিশা , অন্ধকাৰ হৃদয়ত আলো বিচাৰি কিমান যে ঘূৰি ফুৰিছোঁ , অভিমানী চন্দ্ৰ আৰু তৰাবোৰ মেঘৰ লগত লুকাভাকু খেলিছে ,  তোমাৰ অবিহনে দীৰ্ঘকায়ী নিষ্ঠুৰ ৰাতিবোৰ কিয় জানো নুপুৱায় , হৃদয় কাননৰ সুগন্ধি ফুলবোৰ ফুটিবলৈ লাজ পায় ৷ তথাপিও মই চলাই গৈছোঁ মোৰ অবিৰত যাত্ৰা কেৱল তোমাক বিচাৰি , আৰু কিমান অভিমান কৰিবা সখী ? মায়াবী চকুৰে এবাৰ পিছলৈ ঘূৰি চোৱা ৷ তোমাক বিচাৰি আজি ক্ষতবিক্ষত দেহৰ বিষাদময় হৃদয় লৈ , গোটেই জগত ঘূৰি ফুৰিছোঁ , কেতিয়াবা প্ৰশান্ত মহাসাগৰত কেতিয়াবা সোণাই নৈৰ পাৰত , সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ নিসংগ জীৱন লৈ আৰু কিমান দূৰলৈ যাম সখী ? ...

তুমি আহিবা বুলি

      তুমি আহিবা বুলি ✍ ছফিকুল ইছলাম তুমি আহিবা বুলি নিয়ৰৰ স্নিগ্ধ কণিকাবোৰ টোপাটোপে সৰি পৰিছিল গছৰ পাতৰ পৰা মুকুতা মণিটি হৈ....... চম্পা, শেৱালি, গোলাপ, তগৰ  ফুলে হৃদয়ৰ এচুকত  প্ৰেমৰ দলিচা পাতিছিল, পুৱাৰ চৰাইজাকে ন সুৰুযৰ পৰশ পাই সুৱলা গীত জুৰিছিল, শীতল বতাহেও বৰষুণৰ টোপালৰ সৈতে প্ৰেমৰ কথা পাতিছিল……… তুমি আহিবা বুলি যুগ যুগ ধৰি মই বহি আছিলোঁ নদীৰ পাৰত, সোনাই নৈৰ কুলুকুলু শব্দই কত যে সপোন কঢ়িয়াইছিল, নৈৰ পানীয়েও ঢৌৰ চেঁৱে চেঁৱে তোমাৰ ছবি আঁকিছিল……… কিন্তু কিয় ? কিয় ইমান নিষ্ঠুৰ তুমি প্ৰিয়া ? যুগৰ পিছত যুগ ধৰি দিন গ’ল ৰাতি পুৱাল, হৃদয়ৰ  ৰঙীন আশাবোৰ হিয়াতে মৰহি গ’ল কিন্তু তুমি নাহিলা ! তোমাৰ বাবে আজি মই হতভাগা সমাজৰ কলংকিনী , নিঃসঙ্গ জীৱন লৈ আজিও মই বহি আছোঁ যুগ যুগ ধৰি তুমি আহিবা বুলি..... .